ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে মঙলবাৰে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল যিয়েই নহওক কিয়, ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত অবিৰত অগ্ৰগতি হ’ব । কেনবেৰাত অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱঙৰ সৈতে যুটীয়া সংবাদমেল সম্বোধন কৰি তেওঁ আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্কক শক্তিশালী আৰু সুস্থিৰ বুলি অভিহিত কৰে । জয়শংকৰে লগতে কয় যে বিগত পাঁচটা আমেৰিকাৰ ৰাষ্ট্ৰপতি কাৰ্যকালত ভাৰত-আমেৰিকাৰ সম্পৰ্ক অবিৰতভাৱে বৃদ্ধি পাইছে আৰু ভৱিষ্যতেও একে ধাৰা অব্যাহত থাকিব ।
এই সময়ত জয়শংকৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অৱদানৰ কথাও উল্লেখ কৰে, যাৰ কাৰ্যকালত কোৱাড মিত্ৰতা পুনৰুজ্জীৱিত হয় । তেওঁ ইয়াক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক গুৰুত্বপূৰ্ণ উন্নয়ন বুলি অভিহিত কৰে । বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে ট্ৰাম্প প্ৰশাসনৰ সময়ত গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰভাৱ দুয়োখন দেশৰ সম্পৰ্কত আজিও স্পষ্টভাৱে দেখা গৈছে । তেওঁৰ মতে নিৰ্বাচনৰ ফলাফল যিয়েই নহওক কিয় ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ভৱিষ্যত অতি ইতিবাচক ।
ভাৰত-আমেৰিকাৰ সম্পৰ্কত অবিৰত অগ্ৰগতিৰ সম্ভাৱনা-
জয়শংকৰে আৰু কয়, “আমি দেখিছো যে যোৱা কেইবছৰমানৰ পৰা ভাৰত-আমেৰিকাৰ সম্পৰ্কত অবিৰত অগ্ৰগতি হৈছে । ট্ৰাম্পৰ কাৰ্যকালৰ পৰা বৰ্তমানৰ প্ৰশাসনলৈকে স্থিতিশীলতা আহিছে ।” তেওঁ কয় যে আজি আমেৰিকাৰ নিৰ্বাচনত যিয়েই জয়ী নহওক কিয়, ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বত কোনো বাধা নাথাকিব । অনুমান কৰা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল বুধবাৰ অৰ্থাৎ আজি প্ৰকাশ পাব পাৰে যদিও পলম হোৱাৰো সম্ভাৱনা আছে ।