ভাৰতৰ প্ৰতিভাৱান বেটছমেন যশস্বী জয়ছোৱালে সৃষ্টি কৰিলে এক নতুন ইতিহাস । ভাৰতীয় টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ একমাত্ৰ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে জয়ছোৱাল । যিয়ে এটা কেলেণ্ডাৰ বছৰত ৩০ বা তাতকৈ অধিক ছয় কোবোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এইবাৰ (২০২৪) জয়ছোৱালে টেষ্টত ৩০টা ছয় কোবাইছে । একে সময়তে বিশ্ব ক্ৰিকেটত জয়ছোৱালে টেষ্টত এটা কেলেণ্ডাৰ বছৰত সৰ্বাধিক ছয় কোবোৱা দ্বিতীয়জন বেটছমেনত পৰিণত হৈছে । এই ক্ষেত্ৰত নিউজীলেণ্ডৰ ব্ৰেণ্ডন মেককালাম প্ৰথম স্থানত আছে । ২০১৪ চনত মেককালামে ৩৩টা ছয় কোবাইছিল । এই ক্ষেত্ৰত বেন ষ্ট’কছ তিনি নম্বৰত আছে, ষ্ট’কে এটা কেলেণ্ডাৰ বছৰত ২৬টা ছয় কোবোৱাৰ কৃতিত্ব অৰ্জন কৰিছে । ২০২২ চনত ষ্ট’কে টেষ্টত ২৬টা ছয় কোবাইছিল ।
কেলেণ্ডাৰ বছৰত টেষ্টত সৰ্বাধিক ছয় কোবোৱা বেটছমেন-
৩৩ – ব্ৰেণ্ডন মেককালাম (২০১৪)
৩২ – যশস্বী জয়ছোৱাল (২০২৪)*
২৬ – বেন ষ্টোকছ (২০২২)
২২ – আডাম গীলক্ৰিষ্ট (২০০৫)
২২ – বীৰেন্দ্ৰ ছেহৱাগ (২০০৮)
ইফালে পুনে টেষ্টত নিউজীলেণ্ডে ভাৰতক ৩৫৯ ৰানৰ লক্ষ্য দিছিল । কিন্তু ভাৰতৰ বেটিং ব্যৰ্থতাৰ বাবে এই লক্ষ্যত উপনীত হোৱাত বিফল হয় আৰু ১১৩ ৰাণত নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাজয় স্বাকীৰ কৰি শৃংখলা হেৰুৱাই ৰোহিত বাহিনীয়ে ।