ভাৰতত ক্ৰিকেটক সদায় ধৰ্ম হিচাপে গণ্য কৰা হৈছে আৰু ক্ৰিকেট খেলুৱৈৰ আভাস পাবলৈ অনুৰাগীসকল সদায়ে আগ্ৰহী হৈ থাকে।
এনে পৰিস্থিতিত ভাৰতীয় ক্ৰিকেট দলে যেতিয়াই আই চি চিৰ যিকোনো খিতাপ জয় কৰে তেতিয়াই ভাৰতীয় অনুৰাগীৰ বাবে ই উৎসৱত কৈ কম নহয়।
ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৪ খিতাপ দখল কৰিছে।
সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে দুৰ্দান্ত প্ৰদৰ্শনেৰে এখনো মেচত পৰাস্ত নোহোৱাকৈ খিতাপ দখল কৰিছিল। এতিয়া বিচিচিআইয়ে খিতাপ বিজয়ী ভাৰতীয় দলৰ খেলুৱৈসকলক উপহাৰ দিছে এক বিশেষ আঙঠি।
টি-২০ বিশ্বকাপ ২০২৪ খিতাপ দখল কৰা ভাৰতীয় দলৰ প্ৰতিজন সদস্যক বিচিচিআইয়ে যোৱা মাহৰ ২৫ ফেব্ৰুৱাৰীত মুম্বাইত ৬০ গ্ৰাম ওজনৰ ১৮ কেৰেটৰ সোণত হীৰাৰ কাম কৰা এটাকৈ আঙঠি উপহাৰ দিয়ে।
আঙঠিটোৰ ওপৰত খেলুৱৈৰ নাম আৰু জাৰ্চি নম্বৰ লিখা থাকে। ইয়াৰ বাহিৰেও ২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলটোৱে কোনটো দলত কিমান ৰান বা কিমান উইকেটত পৰাস্ত কৰিছিল সেয়াও আঙঠিটোত এই কথাও লিখা হৈছে। এই আঙঠিটো খেলুৱৈসকলৰ বাবে আজীৱন স্মৃতি হৈ থাকিব।
টি-২০ বিশ্বকাপ ২০২৪ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যৌথভাৱে আয়োজন কৰিছিল। তাৰ পিছত ভাৰতীয় দলটোৱে এনেদৰে প্ৰদৰ্শন কৰিলে যে বছৰ বছৰ ধৰি ই স্মৰণীয় হৈ থাকিব।
ভাৰতীয় দলৰ বলাৰ আৰু বেটছমেনে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল। ভাৰতীয় দলটোৱে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে।
ইয়াৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত পাকিস্তানক পৰাস্ত কৰি ভাৰতে ২০০৭ চনৰ টি-২০ বিশ্বকাপ খিতাপ দখল কৰিছিল।
২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলটোৱে এখনো মেচত পৰাস্ত নোহোৱাকৈ টি-২০ বিশ্বকাপ খিতাপ দখল কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।