ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া খেলৰ টি-২০ শৃংখলা ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব । ফেব্ৰুৱাৰীত চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে দুয়োটা দলে সীমিত অভাৰৰ ফৰ্মেটত প্ৰত্যাহ্বান জনাব । টি-২০ ফৰ্মেটত ভাৰত আৰু ইংলেণ্ডৰ মাজত সদায় কঠিন প্ৰতিযোগিতা চলি আহিছে আৰু এইবাৰো অনুৰাগীয়ে ৰোমাঞ্চকৰ মেচৰ আশা কৰিছে । সীমিত অভাৰৰ অন্তত চলিত বৰ্ষৰ জুন মাহত দুয়োটা দলে পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাও খেলিব ।
ভাৰতে ঘোষণা কৰিলে দল-
শেহতীয়াকৈ ভাৰতীয় দলটোৱে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰে । অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামীয়েও এই শৃংখলাৰ বাবে দলত স্থান লাভ কৰিছে, যিজনক ১৪ মাহৰ পাছত ভাৰতীয় জাৰ্চি পিন্ধা দেখা যাব । ইংলেণ্ডৰ বিৰুদ্ধে সূৰ্যকুমাৰ যাদৱে দলৰ নেতৃত্ব দিয়া দেখা যাব, আনহাতে অক্ষৰ পেটেলে উপ-অধিনায়কৰ দায়িত্ব লোৱা দেখা যাব ।
পৰিসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ দপদপনি-
যদিও ইংলেণ্ডে ভাৰতীয় দলক প্ৰত্যাহ্বান জনাইছে, কিন্তু টি-২০ৰ পৰিসংখ্যাত ভাৰতীয় দলৰ হাতত সৰ্বাধিক ফলাফল আছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত মুঠ ২৪খন টি-২০ মেচ খেলা হৈছে, ইয়াৰে ১৩খন মেচত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ড দলটোৱে ১১খন মেচত জয়লাভ কৰি সফল হৈছে । একে সময়তে ভাৰতৰ মাটিতো দুয়ো দলৰ মাজত কঠিন প্ৰতিযোগিতা দেখা গৈছে যদিও ইয়াতো ভাৰতীয় দলৰ দপদপনি অব্যাহত আছে । দুয়োটা দলে ভাৰতত মুঠ ১১ বাৰ মুখামুখি হৈছে, ইয়াৰে ভাৰতীয় দলটোৱে ৬ বাৰ জয়ী হোৱাৰ বিপৰীতে ইংলেণ্ডে ৫ খন মেচত সফল হৈছে ।
ভাৰতক পৰাস্ত কৰাটো সহজ নহয়-
টি-২০ ফৰ্মেটত ভাৰতক পৰাস্ত কৰাটো কোনো দলৰ বাবে সহজ নহয় । অৱশ্যে ভাৰতীয় দলৰ বিৰুদ্ধে এই ফৰ্মেটত জয়ী হোৱাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সমান কোনো নাই । শীৰ্ষ দলসমূহৰ ভিতৰত ইংলেণ্ডৰ আছে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক জয়ৰ শতাংশ । ইংলেণ্ডে ভাৰতীয় দলৰ বিৰুদ্ধে ২৪ বাৰৰ ভিতৰত ১১ বাৰ জয়ী হোৱাৰ লগতে জয়ৰ শতাংশ ৪৫.৮০ যিটো আন দলৰ তুলনাত সৰ্বাধিক । একে সময়তে ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ডৰ জয়ৰ শতাংশও ভাল । মুঠৰ ওপৰত ঘৰুৱা খেলপথাৰত ভাৰতক পৰাস্ত কৰাটো কোনো দলৰ বাবে সহজ নহয় । কিছুদিনৰ পৰা টি-২০ত অপৰাজিত হৈ আছে ভাৰত ।
টি-২০ ছিৰিজৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ দলস-
ভাৰতঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল (উপ অধিনায়ক), হৰ্ষিত ৰানা, অৰ্শদীপ সিং, মহম্মদ ছামী, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণয়, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ)।
ইংলেণ্ডঃ জোছ বাটলাৰ (অধিনায়ক), ৰেহান আহমেদ, জফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, বেন ডাকেট, জেমী অভাৰটন, জেমী স্মিথ, লিয়াম লিভিংষ্টন, আদিল ৰছিদ, চাকিব মাহমুদ, ফিল ছল্ট, মাৰ্ক উড ।