মেষ ৰাশি- ব্যস্ততাৰে দিনটো পাৰ হ’ব। বিদ্যাৰ্থীৰ বহুমুখি প্ৰতিভা বিকাশ পাব। আপোনাৰ পদক্ষেপৰ প্ৰতি লক্ষ্য দিয়ক। আনৰ প্ৰতি দয়ালু হওক। বগা অপৰাজিতা আৰু ধতুৰা ফুল ৰোপণ কৰক।বাহনৰ পৰা সাৱধান হ’ব। অন্যথা আকস্মিক আঘাত পাব পাৰে। অবৈধ বা অনৈতিক কামৰ পৰা আঁতৰি থাকিব। বিবাহৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত নল’ব।
বৃষ ৰাশি- অৰ্থ উপাৰ্জন বৃদ্ধি পাব। যিকোনো বিবাদৰ মীমাংসা হ’ব। গৃহ, বিত্ত, পৰ্যটন বিভাগৰ লোকৰ সুখ্যাতি বৃদ্ধি পাব। আ-অলংকাৰ ক্ৰয় কৰিব পাৰিব। য’তে ত’তে যিকোনো খাদ্য নাখাব। বদহজম হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক।
মিথুন ৰাশি- হাতলৈ অহা সুযোগ নেহেৰুৱাব। আজি মন আনন্দিত আৰু প্ৰফুল্লিত হৈ থাকিব। কামত সফলতা লাভ কৰিব। আৰ্থিক লাভৰ সম্ভাৱনা। ভাগ্যোন্নতি হ’ব। সততা, নিষ্ঠা আৰু দক্ষতা বৃদ্ধি পাব। অযথা বিবাদত নোসোমাব।
কৰ্কট ৰাশি- আজি আৰ্থিক দিশত গুৰুত্ব দিব। একাগ্ৰতা, দৃঢ়তা আৰু আত্মবিশ্বাসে যিকোনো কাম কৰিলে সফলতা লাভ কৰিব। ভাগ্যৰ পৰিৱৰ্তন হ’ব। শিৱ মন্দিৰ দৰ্শন কৰক। অসম্পূৰ্ণ কামসমূহৰ শীঘ্ৰেই অন্ত পৰিব। পৰিয়ালৰ সৈতে সুন্দৰ সময় পাৰ হ’ব।
সিংহ ৰাশি- কামৰ আনৰ প্ৰেৰণা পাব। শত্ৰুক লৈ চিন্তা নকৰিব। শাৰীৰিক ভাৱে দুৰ্বল অনুভৱ কৰিব। ব্যয়ক লৈ উদ্বিগ্ন হৈ থাকিব। শিৱ লিংগত গাখীৰ অৰ্পণ কৰিব পাৰে। বনৰীয়া জীৱ-জন্তুৰ পৰা সাৱধান হ’ব। আজি কাকো ধাৰলৈ পইচা নিদিব। ভ্ৰমণৰ পূৰ্ণ সম্ভাৱনা আছে। নিবনুৱা সকলৰ বাবে কষ্ট হ’ব পাৰে।
কন্যা ৰাশি- ব্যৱহাৰত আপোনাৰ পৰিচয় প্ৰকাশ পাব। আজি ভুলটো সুৰাপান নকৰিব। মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব। অপ্ৰত্যাশিত ভাৱে আৰ্থিক লাভৰ সম্ভাৱনা আছে।মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। ধ্যান কৰক মনটো সতেজ হৈ থাকিব। মহানিম গছ ৰোপণ কৰিব পাৰে।বিদ্যাৰ্থী সকলে পৰীক্ষাত সুফল লাভ কৰিব।
তুলা ৰাশি- মনলৈ আহিলেও আজি যিকোনো কথা নক’ব। আৰক্ষী, শিল্পী সকলৰ সুনাম বৃদ্ধি পাব। ধৰ্মীয় স্থানত দান কৰিব পাৰে। অচিনাকী পুৰুষৰ পৰা সাৱধানে থাকিব, অন্যথা ধন হেৰুৱাব পাৰে। হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে। স্বাস্থ্যই আজি লগ দিব ।
বৃশ্চিক ৰাশি- ইতিবাচক শক্তিয়ে আজি সাহসী কৰিব। শাৰীৰিক আৰু মানসিক স্থিতি ভালে থাকিব। কথা কম ক’লে লাভবান হ’ব। শত্ৰু বৃদ্ধি পাব পাৰে। আয়-ব্যয়ৰ সমতা ৰক্ষা কৰি চলিব। শিৱ মন্দিৰত ঘিউ, গাখীৰ অৰ্পণ কৰিব পাৰে। যিকোনো ব্যৱসায়ত সিদ্ধান্ত নোলোৱাকৈ হাত নিদিব।
ধনু ৰাশি- কৰ্মোন্নতি। আনৰ কাৰমনে সময় নষ্ট নকৰিব। বিবাহৰ যোগ আছে। ঘৰত কোনো বিবাদৰ সূত্ৰপাত হ’ব পাৰে। পুৰণি বন্ধুক লগ পাব। দীৰ্ঘদিনিয়া ৰোগৰ পৰা পৰিত্ৰণ পাব। তীৰ্থ ভ্ৰমণৰ সুযোগ লাভ কৰিব।ধৰ্মীয় অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিব। খং কমাওক।
মকৰ ৰাশি- দিনটো ফলপ্ৰসূ হ’ব। আৰ্থিক , পেচাদাৰী ক্ষেত্ৰত নাম আৰু খ্যাতি লাভ কৰিব। গুৰু কৃপাত ঘাত-প্ৰতিঘাত দূৰ হ’ব। শিৱ স্তৱক পাঠ কৰক। ধূমপান নকৰিব। মাটি, সম্পত্তি ক্ৰয় কৰিব পাৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে। বিনামূলীয়াকৈ পালে বুলিয়েই যিকোনো খাদ্য নাখাব।
কুম্ভ ৰাশি- হাতলৈ নভৱাকৈয়ে ধন আহিব। কৰ্মস্থলীত সুনাম লাভ কৰিব। দিনটো ব্যস্ততাৰ বাবে প্ৰিয়জনৰ লগত মতানৈক্য হ’ব পাৰে। কামত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। সপোন সাৰ্থক হ’ব। বন্ধুৰ সংখ্যা বৃদ্ধি পাব। আনৰ ছলাহী কথাত ভুল নাযাব।
মীন ৰাশি- ভাগ্য সুপ্ৰসন্ন হ’ব। আনৰ আৱেগক শ্ৰদ্ধা কৰক। আনৰ সুনাম নষ্ট কৰিবলৈ চেষ্টা নকৰিব। কৰ্মস্থলীত জ্যেষ্ঠজনৰ সৈতে তৰ্ক বা বিবাদত লিপ্ত হ’ব পাৰে। অসম্পূৰ্ণ কাম সমূহ সম্পূৰ্ণ হ’ব। আনৰ কথাত খং নকৰিব। বাটৰ কুকুৰক খাদ্য খুৱাব।