ৰাতিৰ টোপনি সকলোৱে ভাল পায় । সুস্বাস্থ্যৰ বাবে আমি ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে । কিন্তু কেতিয়াবা হঠাতে মাজনিশা আমি প্ৰবল পিয়াহ অনুভৱ কৰো, যিয়ে আমাৰ টোপনি বিঘ্নিত কৰে আৰু ডিঙি শুকান হৈ পৰে । বৰ্তমান এই সমস্যাটো যথেষ্ট সাধাৰণ হৈ পৰিছে, সেয়েহে আপোনাৰ বাবেও সজাগ হোৱাটো গুৰুত্বপূৰ্ণ । এই সমস্যাৰ আঁৰৰ আচল কাৰণ কি জানো আহক ।
গোটেই দিনটো পানী কমকৈ খোৱা-
কোনো স্বাস্থ্য বিশেষজ্ঞক সুধিলে তেওঁ ক’ব যে এজন সুস্থ প্ৰাপ্তবয়স্কক দৈনিক ৮ৰ পৰা ১০ গিলাচ পানীৰ প্ৰয়োজন । যদি আপুনি গোটেই দিনটো পানী কমকৈ সেৱন কৰে, তেন্তে ৰাতি শৰীৰে পানীৰ অভাৱ হোৱাৰ ইংগিত দিব বুলি স্পষ্ট । গতিকে নিয়মীয়াকৈ ডিঙি তিয়াই থাকিব ।
চাহ আৰু কফি সেৱন-
ভাৰতত চাহ-কফি খাবলৈ ভাল পোৱা মানুহৰ অভাৱ নাই যদিও ইয়াৰ ফলত স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে । যিহেতু এই পানীয়বোৰত অধিক পৰিমাণৰ কেফেইন থাকে, গতিকে শৰীৰত পানীৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে যাৰ ফলত ৰাতি অসুবিধাৰ সৃষ্টি হয় । কেফেইনৰ ফলত সঘনাই প্ৰস্ৰাৱ আহে, যাৰ ফলত শৰীৰত পানী হ্ৰাস হয় ।
অধিক নিমখীয়া খাদ্য খোৱা-
সুস্থ হৈ থাকিবলৈ দিনটোত মাত্ৰ ৫ গ্ৰাম নিমখ খাব লাগে । যদি আপুনি ইয়াতকৈ বেছি সেৱন কৰে তেন্তে ই নিশ্চিতভাৱে শৰীৰত বেয়া প্ৰভাৱ পেলাব । নিমখত ছডিয়াম থাকে যাৰ ফলত পানী হ্ৰাস হয়, সেয়েহে প্ৰায়ে ৰাতি বহুত পিয়াহ লাগে ।
ডিঙি শুকান হোৱাৰ পৰা কেনেকৈ ৰক্ষা পৰিব-
যদি আপুনি বিচাৰে যে মাজনিশা আপোনাৰ ডিঙি শুকাই নাযায়, তেন্তে ইয়াৰ বাবে আপুনি ওপৰত উল্লেখ কৰা কাৰকসমূহৰ প্ৰতি গুৰুত্ব দিব লাগিব ।
-দিনটো পৰ্যাপ্ত পৰিমাণে পানী খাই থাকিব
-হয় চাহ বা কফি নাখাব, নহয় ইয়াৰ সেৱন সীমিত কৰিব
-চোডা পানীয়ত কেফেইন থাকে, ইয়াকো পৰিহাৰ কৰক
-নেমু পানী, ফলৰ ৰস আদি তৰল খাদ্য গ্ৰহণ কৰক
-ফ্ৰেঞ্চ ফ্ৰাই আৰু চিপছৰ দৰে নিমখীয়া খাদ্য পৰিহাৰ কৰক
-মছলাযুক্ত খাদ্যই পিয়াহ বৃদ্ধি কৰে, ইয়াৰ পৰা আঁতৰি থাকক