শুকুৰবাৰে হোৱাইট হাউছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কি আৰু ড’নাল্ড ট্ৰাম্পৰ মাজত যি সংঘটিত হৈছিল সেয়া সমগ্ৰ বিশ্বই লাইভত প্ৰত্যক্ষ কৰে । ট্ৰাম্পৰ সৈতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ হোৱাইট হাউছত উপস্থিত হৈছিল জেলেনস্কি । কিন্তু দুয়োজন নেতাৰ মাজত এনে ঘটনা ঘটিল যিটো ইতিহাসে কেতিয়াও পাহৰিব নোৱাৰে । দুয়োগৰাকী নেতাৰ বৈঠক আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল যদিও আশা কৰা ধৰণে সমাপ্ত নহ’ল ৷
ট্ৰাম্প আৰু জেলেনস্কিৰ মাজৰ বৈঠক সাধাৰণ কথা-বতৰা হিচাপে আৰম্ভ হৈছিল যদিও সেই আলোচনা অতি শীঘ্ৰেই এক উত্তপ্ত বিতৰ্কলৈ পৰিণত হৈছিল । দুয়োৰে মাজত বিতৰ্ক তীব্ৰতৰ হৈ পৰাত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে নিজৰ সুৰ কঠিন কৰি জেলেনস্কিক পতিয়ন নিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰে, কিন্তু জেলেনস্কি মান্তি হোৱা নাছিল । হোৱাইট হাউছত কি হৈছিল বিতংভাৱে জানক-
-শুকুৰবাৰে যেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ আহিছিল তেতিয়া সমগ্ৰ বিশ্বই আশা কৰিছিল যে তেওঁ নিজৰ স্থিতি ত্যাগ কৰি যুদ্ধৰ অন্ত পেলোৱাৰ দিশত আগবাঢ়িব, কিন্তু ইয়াৰ বিপৰীতহে ঘটিল । কেমেৰাৰ সন্মুখত দুয়োৰে মাজত তীব্ৰ বিতৰ্ক আৰম্ভ হয় ।
-যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া ট্ৰাম্পে জেলেনস্কিক উচ্চ আৰু কঠোৰ মাতেৰে কয় যে “হয় আপুনি চুক্তি কৰক নহয় আমি ওলাই যাঁও” ।
-ড’নাল্ড ট্ৰাম্পে জেলেনস্কিক কয় যে আপুনি ডাঙৰ সমস্যাত পৰিছে, যুদ্ধত জয়ী হোৱা নাই । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জেলেনস্কিয়ে কয় যে, “আমি আমাৰ দেশত আছো আৰু এই সময়ত শক্তিশালীভাৱে থিয় দিছো । আমি আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো ।”
-ইউক্ৰেইনত শান্তি চুক্তিৰ আশা ভাৰসাম্যত ওলমি থকা দেখি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, “মই ভয় খাইছো যে এইদৰে মোকাবিলা কৰিলে কামবোৰ অতি কঠিন হ’ব । আপুনি লাখ লাখ মানুহৰ জীৱনৰ সৈতে জুৱা খেলিছে । আপুনি তৃতীয় বিশ্বযুদ্ধৰ সৈতে জুৱা খেলিছে আৰু আপুনি যি কৰি আছে সেয়া ইউক্ৰেইনৰ বাবে অতি অপমানজনক ।”
-আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও ট্ৰাম্প আৰু জেলেনস্কিৰ বিতৰ্কত যোগদান কৰে । যেতিয়া জেলেনস্কিয়ে তেওঁক ডাঙৰকৈ কথা নক’বলৈ ক’লে, তেতিয়া ভ্যান্সে কঠোৰ স্থিতি গ্ৰহণ কৰি জেলেনস্কিক ক’লে যে যুদ্ধৰ অন্ত পেলাবলৈ “কূটনীতিৰ প্ৰয়োজন”। কিন্তু ৰাষ্ট্ৰপতি জেলেনস্কিয়ে উত্তৰ দি কয় যে, “কি কূটনীতি ?” ইয়াৰ পিছতে ভ্যান্সে তেওঁক ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰে ।
-ৰাষ্ট্ৰপতি জেলেনস্কিক আক্ৰমণ কৰি ড’নাল্ড ট্ৰাম্পে কয় যে আমি আপোনালোকক ৩৫০ বিলিয়ন ডলাৰ, সামৰিক সঁজুলি আৰু বহু সহায় কৰিছোঁ । যদি আপোনাৰ হাতত আমাৰ সামৰিক সঁজুলি নাথাকিলহেঁতেন তেন্তে দুসপ্তাহৰ ভিতৰতে এই যুদ্ধৰ অন্ত পৰিলহেঁতেন ।
-ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পৰোক্ষভাৱে ট্ৰাম্পৰ বক্তব্যক প্ৰত্যুত্তৰ দি পুটিনৰ দৰে শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ ক’লে, “হয় হয়, দুদিন বা তিনিদিনো চলিব নোৱাৰে, পুটিনৰ পৰাও এই কথা শুনিছো ।” জেলেনস্কিৰ এই কথাবোৰ শুনি ট্ৰাম্প আচৰিত হৈছিল । এনেদৰে কাম কৰাটো অতি কঠিন হ’ব বুলিও কয় তেওঁ ।
-ট্ৰাম্পৰ সৈতে উত্তপ্ত বিতৰ্কৰ অন্তত জেলেনস্কিয়ে হোৱাইট হাউছ এৰে । জেলেনস্কিয়ে হোৱাইট উপস্থিত হোৱাৰ লগে লগে ট্ৰাম্পে তেওঁক আদৰণি জনায় যদিও উভতি অহাৰ সময়ত ট্ৰাম্পে তেওঁক বিদায় দিবলৈও যোৱা নাছিল । দুয়োৰে মাজত হোৱা বিবাদৰ পিছত বিশ্বৰ বহু দেশ বিশেষকৈ ইউৰোপৰ দেশসমূহে জেলেনস্কি আৰু ইউক্ৰেইনক সমৰ্থন কৰিছে ।
-বৈঠকৰ অন্তত ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত জেলেনস্কিক সমালোচনা কৰি কয় যে তেওঁ শান্তিৰ বাবে সাজু নহয় । তেওঁ জেলেনস্কিক আমেৰিকাক অপমান কৰাৰ অভিযোগো উত্থাপন কৰে ।
-এই বৈঠকৰ পিছত জেলেনস্কিয়ে ফক্স নিউজক সাক্ষাৎকাৰ দি কয় যে মই কাৰো ওচৰত ক্ষমা খুজিবলৈ যোৱা নাই । যি ঘটিছিল সেয়া দুয়োখন দেশৰ বাবে ভাল নহয় ।