ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ছিজনৰ তৃতীয়খন খেল দেওবাৰে (২৩ মাৰ্চ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত অনুষ্ঠিত হয় । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত চি এছ কেয়ে ৪ উইকেটত দৰ্শনীয় জয় সাব্যস্ত কৰে ।
টছত পৰাস্ত হৈ মেচখনত প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই দলে ১৫৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই দলে ৬টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে । দলৰ হৈ ৰাচিন ৰবীন্দ্ৰই সৰ্বাধিক ৬৫ ৰান (অপৰাজিত) সংগ্ৰহ কৰে । অধিনায়ক ৰুতুৰাজ গাইকোৱাডে ৫৩ ৰানৰ দৰ্শনীয় ইনিংছ খেলে ।
নূৰ-খলিলৰ সন্মুখত অসহায় মুম্বাই দল-
মেচখনত মুম্বাইৰ আৰম্ভণি অতি বেয়া আছিল । ৰোহিত শৰ্মা প্ৰথম অভাৰতে একাউণ্ট নোখোলাকৈয়ে আউট হয় । ইয়াৰ পাছতে মুম্বাইয়ে প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও নিয়মীয়া ব্যৱধানত উইকেটৰ পতন ঘটাত অৱশেষত সৰু স্ক’ৰতে দলটো অল আউট হয় ।
মুম্বাইয়ে ৯টা উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ সৰ্বাধিক ৩১ ৰান সংগ্ৰহ কৰে তিলক বাৰ্মাই । আনহাতে এই মেচখনত অধিনায়কত্ব কৰা সূৰ্যকুমাৰ যাদৱ ২৯ ৰান সংগ্ৰহ কৰি আউট হয় । শেষত দীপক চাহাৰে ১৫টা বলত ২৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাহিৰেও কোনো বেটছমেনে ২০ৰ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে । চেন্নাইৰ হৈ ৰিষ্ট স্পীনাৰ নূৰ আহমেদে নিজৰ যাদু দেখুৱাই ৪টা উইকেট দখল কৰে । খলিল আহমেদে ৩টা উইকেট দখল কৰে । আনহাতে নাথান এলিছ আৰু অশ্বিনে ১-১ উইকেট দখল কৰে ।
পাণ্ড্যাৰ ঠাইত অধিনায়কৰ দায়িত্ব ল’লে সূৰ্য্যই-
অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে এই এখন মেচৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ কমাণ্ড সূৰ্যকুমাৰ যাদৱৰ হাতত থাকিল । যোৱা আই পি এল ছিজনত তৃতীয়বাৰৰ বাবে স্লো অভাৰ ৰেট উলংঘা কৰাৰ বাবে মুম্বাইৰ নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়াক এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।
এই নিষেধাজ্ঞাৰ বাবে হাৰ্দিকে ২০২৫ চনৰ প্ৰথমখন মেচ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব নোৱাৰিলে । ৪৩ বছৰীয়া ভাৰতীয় প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও খেলখনত অংশগ্ৰহণ কৰে । অনুমান কৰা হৈছে যে এইটো তেওঁৰ কেৰিয়াৰৰ শেষ ছিজন হ’ব পাৰে ।