কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰি জয়েৰে আই পি এল ২০২৫ৰ অভিযান আৰম্ভ কৰিছে আৰ চি বিয়ে । কলকাতাৰ ইডেন গাৰ্ডেনছত খেলা এই মেচখনত কে কে আৰে প্ৰথমে বেটিং কৰি ১৭৪ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত বেংগালুৰু দলে ৭ উইকেট বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয় । বিৰাট কোহলী আৰু ফিল ছল্ট আৰ চি বিৰ জয়ৰ নায়ক হিচাপে পৰিগণিত হয় । বলিঙত ক্ৰুনাল পাণ্ডিয়াই বেংগালুৰুৰ হৈ খেলখন আৰ চি বিৰ হাতলৈ ঘূৰাই আনে ।
বিৰাট কোহলী আৰু ফিল ছল্টৰ বিস্ফোৰক বেটিং-
বিৰাট কোহলী আই পি এল ২০২৪ৰ অৰেঞ্জ কেপ বিজয়ী আছিল, আই পি এল ২০২৫তো তেওঁ শক্তিশালীভাৱে আৰম্ভ কৰিছে । প্ৰথমখন মেচতে তেওঁ ৩৬টা বলত ৫৯ ৰানৰ সুপৰিকল্পিত ইনিংছ খেলে । ফিল ছল্টৰ সৈতে তেওঁ ৯৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৩১ বলত ৫৬ ৰানৰ ধুমুহাময় ইনিংছেৰে আৰ চি বিক এক সুন্দৰ আৰম্ভণি দিয়ে ছল্ট । দৰাচলতে দুয়োজনে একেলগে পাৱাৰ প্লে’তেই বেংগালুৰু দলৰ স্ক’ৰ ৮০ ৰানলৈ লৈ যায় ।
আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰেও ১৬টা বলত ৩৪ ৰান সংগ্ৰহ কৰি নিজৰ দলৰ জয়ত ডাঙৰ অৱদান আগবঢ়াই । শেষত লিয়াম লিভিংষ্টনে স্পেন্সৰ জনছনৰ বলত আৰ চি বিৰ বাবে বিজয়ী শ্বটটো মাৰে ।
কে কে আৰৰ বিৰুদ্ধে বিৰাটে সম্পূৰ্ণ কৰে ১০০০ ৰাণ-
কে কে আৰৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ১০০০ ৰান সম্পূৰ্ণ কৰিছে । কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৩৩ সংখ্যক ইনিংছত তেওঁ এই কৃতিত্ব অৰ্জন কৰে । উল্লেখ্য যে আই পি এলত এটা দলৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বৰ্তমান ডেভিদ ৱাৰ্নাৰৰ হাতত আছে, যিয়ে পঞ্জাব কিংছৰ বিৰুদ্ধে ১১৩৪ ৰান সংগ্ৰহ কৰিছে ।