জম্মু-কাশ্মীৰ বিধানসভাত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । ৩৭০ অনুচ্ছেদক লৈ সদনত সংঘটিত হয় সংঘৰ্ষ । ইয়াৰ পিঠতে বৰ্তমান সদনৰ কাৰ্যবিধি ১৫ মিনিটৰ বাবে স্থগিত ৰখা হয় ।

বাৰামুল্লাৰ লোকসভাৰ সাংসদ ইঞ্জিনিয়াৰ ৰছিদৰ ভাতৃ বিধায়ক খুৰশ্বিদ আহমেদ শ্বেখে ৩৭০ নং অনুচ্ছেদৰ বেনাৰ দেখুওৱাৰ পিছতে জম্মু-কাশ্মীৰ বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । এই সন্দৰ্ভত আপত্তি দৰ্শাই বিৰোধী নেতা সুনীল শৰ্মাই । ফলত কিছু সময়ৰ বাবে স্থগিত ৰখা হয় সদনৰ কাৰ্যবিধি ।
জম্মু-কাশ্মীৰ বিধানসভাত ইৰফান হাফিজ ল’নে এখন বেনাৰ প্ৰদৰ্শন কৰে । ইৰফান হাফিজ ল’ন আৰু বিজেপিৰ সদস্যৰ মাজত হোৱা সংঘৰ্ষৰ বাবে ১৫ মিনিটৰ বাবে স্থগিত ৰখা হয় সদনৰ কাৰ্যবিধি ।