ছৌদি আৰবে ভাৰত, পাকিস্তানকে ধৰি ১৪খন দেশৰ বিৰুদ্ধে এটা ডাঙৰ সিদ্ধান্ত লৈছে। এই ১৪খন দেশৰ বাবে অস্থায়ী ভিছা নিষিদ্ধ কৰিছে ছৌদি বিদেশ মন্ত্ৰালয়ে।
এই নিষেধাজ্ঞাৰ অধীনত উমৰা, ব্যৱসায়িক আৰু পৰিয়ালৰ ভিছা নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা জুন মাহৰ মাজভাগলৈকে চলি থাকিব।অৱশ্যে যিসকলৰ ওমৰাহ ভিছা আছে তেওঁলোকে ১৩ এপ্ৰিললৈকে চৌদি আৰৱত প্ৰৱেশ কৰিব পাৰিব।
এই ভিছা নিষেধাজ্ঞা জাৰি কৰা ১৪খন দেশৰ ভিতৰত ভাৰত, পাকিস্তান, বাংলাদেশ, ইজিপ্ত, ইণ্ডোনেছিয়া, ইৰাক, নাইজেৰিয়া, জৰ্ডান, আলজেৰিয়া, চুডান, ইথিওপিয়া, টিউনিছিয়া আৰু য়েমেন অন্যতম।
এই অস্থায়ী নিষেধাজ্ঞাৰ আঁৰৰ মূল কাৰণ হ’ল অবৈধভাৱে হজত অংশগ্ৰহণ আৰু ভিছাৰ নিয়ম উলংঘা কৰা বুলি কোৱা হৈছে।
ইয়াৰ আগতে বহু লোকে ওমৰাহ বা আন কোনো কামত মাল্টিপল এণ্ট্ৰি ভিছা লৈ ছৌদি আৰৱলৈ আহিছিল যদিও অনুমতি অবিহনে হজত অংশ লৈছিল।
ইয়াৰ বাহিৰেও একাংশ লোকে বিজনেছ আৰু ফেমিলি ভিছা লৈ তালৈ গৈ অবৈধভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছিল, যাৰ ফলত ছৌদি আৰৱৰ শ্ৰম ব্যৱস্থা ব্যাহত হৈছিল।
ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে হাজৰ বাবে অহা হজযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে নিয়ম মানি চলাটো নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
চৰকাৰে ক্ষতিগ্ৰস্ত সকলো যাত্ৰীক এই নিয়ম মানি চলিবলৈ আহ্বান জনাইছে, যাতে ভৱিষ্যতে যিকোনো ধৰণৰ শাস্তি পৰিহাৰ কৰিব পৰা যায়।
ইয়াৰ সমান্তৰালকৈ বিষয়াসকলে এইটোও স্পষ্ট কৰি দিছে যে এই ভিছা নিষেধাজ্ঞাৰ পিছতো যিসকলে অবৈধভাৱে ছৌদি আৰৱত থাকে তেওঁলোকক আগন্তুক পাঁচ বছৰলৈ দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।