আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলটোৱে আজি (২ মাৰ্চ) গ্ৰুপৰ অন্তিমখন মেচ নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব । এই খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাৰ পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । একেৰাহে দুখন খেলত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই । প্ৰথমখন খেলত ভাৰতীয় দলে বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰে । তাৰ পাছত দ্বিতীয়খন মেচত ভাৰতীয় দলটোৱে তীব্র প্রতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰে ৷
ছেমি ফাইনেলত কাৰ মুখামুখি হ’ব ভাৰতীয় দল ?
ভাৰতৰ উপৰি নিউজীলেণ্ডেও একেৰাহে দুখন মেচত জয়ৰে গ্ৰুপ এ-ৰ পৰা অন্তিম চাৰিত প্ৰৱেশ কৰিছে । আনহাতে, গ্ৰুপ বি-ৰ পৰা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত প্ৰৱেশ কৰে । অৱশ্যে ছেমি ফাইনেলত ভাৰতীয় দলটোৱে কাৰ মুখামুখি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ আজিৰ খেলখনৰ পিছতেহে গোটেই ছবিখন স্পষ্ট হৈ পৰিব । যদিহে ভাৰতীয় দলে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰে তেন্তে দলটো নিজৰ গ্ৰুপৰ শীৰ্ষত থাকিব । এনে পৰিস্থিতিত ভাৰতে ছেমি ফাইনেলত গ্ৰুপ বি-ত দ্বিতীয় স্থান দখল কৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ।
যদিহে ভাৰতীয় দলটোৱে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনত পৰাস্ত হয় তেন্তে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব । আনহাতে আনখন ছেমি ফাইনেলত নিউজীলেণ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব । দক্ষিণ আফ্ৰিকাই নিজৰ গ্ৰুপত প্ৰথম স্থান দখল কৰিছে । ভাৰত-নিউজীলেণ্ডৰ মেচখন পৰিত্যক্ত হ’লেও ছেমি ফাইনেলত ভাৰতীয় দল দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ।
নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনৰ ফলাফল যিয়েই নহওক কিয়, ভাৰতে ৪ মাৰ্চত (মঙলবাৰ) ডুবাইত প্ৰথমখন ছেমি ফাইনেল খেলিব । লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত ৫ মাৰ্চত (বুধবাৰে) দ্বিতীয়খন ছেমি ফাইনেল খেলিব নিউজীলেণ্ডৰ দলটোৱে । আই চি চিৰ নিয়ম অনুসৰি গ্ৰুপ এ-ত প্ৰথম স্থান পোৱা দলটোৱে গ্ৰুপ বি-ত দ্বিতীয় স্থান লাভ কৰা দলটোৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব লাগিব । গ্ৰুপ এ-ত দ্বিতীয় স্থান লাভ কৰা দলটোৱে গ্ৰুপ বি-ৰ শীৰ্ষ দলৰ সৈতে মুখামুখি হ’ব লাগিব ।
ভাৰত, নিউজীলেণ্ড, বাংলাদেশ আৰু পাকিস্তানে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ গ্ৰুপ এ-ত স্থান লাভ কৰিছে । এই গ্ৰুপৰ শীৰ্ষত আছে নিউজীলেণ্ড । দলটোৱে দুখন মেচত জয়লাভ কৰিছে । কিৱি দলটোৰ নেট ৰান ৰেট হৈছে ০.৮৬৩ । আনহাতে, ভাৰতীয় দলটো বৰ্তমান দুখন মেচত দুটাকৈ জয়েৰে দ্বিতীয় স্থানত আছে । ভাৰতৰ ৪ পইণ্ট আৰু নেট ৰান ৰেট ০.৬৪৭ । ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰিলেহে এই গ্ৰুপৰ শীৰ্ষত থাকিব পাৰিব । এই গ্ৰুপত বাংলাদেশে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে পাকিস্তান চতুৰ্থ স্থানত আছে ।
আনহাতে গ্ৰুপ বি-ত আফগানিস্তান, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দল আছিল । দক্ষিণ আফ্ৰিকাই তিনিখন মেচত ৫ পইণ্ট লাভ কৰি প্ৰথম স্থান দখল কৰিছে । আফগানিস্তান আৰু ইংলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই জয়লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ সৈতে খেলখন নিৰ্ণায়ক হোৱা নাছিল । দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়ান দলটোৱে ৩খন খেলত ৪ পইণ্ট লাভ কৰিছে । আনহাতে তৃতীয় স্থানত থকা আফগানিস্তান দলটোৱে ৩খন মেচত ৩ পইণ্ট লাভ কৰে । ইংৰাজ দলটোৱে এই গ্ৰুপত চতুৰ্থ স্থানত আছে, যিয়ে নিজৰ একাউণ্ট খোলাত ব্যৰ্থ হৈ এই প্ৰতিযোগিতাৰ অভিযান সামৰে ।