ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত শত্তিশালী প্ৰদৰ্শন আগবঢ়াইছে । একেৰাহে দুখন খেলত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই । প্ৰথমখন খেলত ভাৰতীয় দলে বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰে । তাৰ পাছত ভাৰতীয় দলটোৱে তীব্র প্রতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰে ৷ অৱশ্যে ছেমি ফাইনেলত ভাৰতীয় দলটোৱে কাৰ মুখামুখি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
ছেমি ফাইনেলত কোনটো দলে ভাৰতৰ বিৰুদ্ধে খেলিব ?
ভাৰতীয় দলটোৱে ২ মাৰ্চ (দেওবাৰ) ডুবাইত নিউজীলেণ্ডৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল খেলিব । এই মেচখনৰ পিছতহে সমগ্ৰ ছবিখন স্পষ্ট হৈ পৰিব । ফলাফল যিয়েই নহওক কিয়, ভাৰতে ৪ মাৰ্চত ডুবাইত প্ৰথমখন ছেমি ফাইনেল খেলিব । উল্লেখ্য যে গ্ৰুপ-এত প্ৰথম স্থান পোৱা দলটোৱে গ্ৰুপ-বিত দ্বিতীয় স্থান লাভ কৰা দলটোৰ সৈতে ছেমি ফাইনেল খেলিব লাগিব । গ্ৰুপ এ-ত দ্বিতীয় স্থান দখল কৰা দলটোৱে মুখামুখি হ’ব গ্ৰুপ বি-ৰ শীৰ্ষ দলৰ সৈতে ।
ভাৰতৰ উপৰিও নিউজীলেণ্ডৰ দলটোৱে গ্ৰুপ এ-ৰ পৰা ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে । আনহাতে গ্ৰুপ-বিৰ পৰা অষ্ট্ৰেলিয়াৰ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । এতিয়া গ্ৰুপ বি-ত দক্ষিণ আফ্ৰিকা বা আফগানিস্তানে ছেমি ফাইনেলত স্থান লাভ কৰিব । অৱশ্যে আফগানিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা অতি কম ।
শনিবাৰে যদি দক্ষিণ আফ্ৰিকাৰ দলটোৱে গ্ৰুপৰ অন্তিমখন খেলত ইংলেণ্ডক পৰাস্ত কৰে তেন্তে গ্ৰুপ বি-ত শীৰ্ষত স্থান লাভ কৰিব । এনে পৰিস্থিতিত যদি ভাৰত নিউজীলেণ্ডৰ হাতত পৰাস্ত হয় বা মেচখন ড্ৰ’ হয়, তেন্তে ডুবাইত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেল হ’ব অষ্ট্ৰেলিয়া বনাম ভাৰতৰ মাজত । গ্ৰুপ বি-ত অষ্ট্ৰেলিয়াই শীৰ্ষস্থান দখল কৰি নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰত পৰাস্ত হ’লেও ডুবাইত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলখন হ’ব অষ্ট্ৰেলিয়া বনাম ভাৰতৰ মাজত ।
যদিহে ভাৰতীয় দলে নিউজীলেণ্ডৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেলত জয়লাভ কৰে, আনহাতে যদি দক্ষিণ আফ্ৰিকাও ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত জয়ী হয়, তেন্তে ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াৰ দলৰ সৈতে মুখামুখি হ’ব । যদি ভাৰত গ্ৰুপ এ-ত শীৰ্ষত থাকে, তেন্তে হয়তো ছেমি ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধেও মুখামুখি হ’ব লাগিব যদিহে দক্ষিণ আফ্ৰিকাৰ দলটো ইংলেণ্ডৰ হাতত বৃহৎ ব্যৱধানত পৰাস্ত হয় ।
ভাৰত, নিউজীলেণ্ড, বাংলাদেশ আৰু পাকিস্তানক গ্ৰুপ এ-ত স্থান দিয়া হৈছে । নিউজীলেণ্ডৰ দলটোৱে দুখন মেচত দুখনকৈ জয়লাভ কৰি এই গ্ৰুপৰ শীৰ্ষত আছে । কিৱি দলটোৰ নেট ৰান ৰেট হৈছে ০.৮৬৩ । আনহাতে, ভাৰতীয় দলটো বৰ্তমান দুখন মেচত দুটাকৈ জয়ৰে দ্বিতীয় স্থানত আছে । ভাৰতৰ ৪ পইণ্ট আৰু নেট ৰান ৰেট ০.৬৪৭ । ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰিলেহে এই গ্ৰুপৰ শীৰ্ষত থাকিব পাৰিব । আনহাতে বাংলাদেশ তৃতীয় স্থানত থকাৰ বিপৰীতে পাকিস্তান চতুৰ্থ স্থানত আছে ।
আনহাতে আফগানিস্তান, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াক গ্ৰুপ বি-ত স্থান দিয়া হৈছে । দক্ষিণ আফ্ৰিকাই দুখন মেচত ৩ পইণ্ট লাভ কৰি বৰ্তমান প্ৰথম স্থানত আছে । দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট ২.১৪০ । অষ্ট্ৰেলিয়াই দুখন মেচত ৩ পইণ্ট লাভ কৰিছে যদিও দলটোৰ নেট ৰান ৰেট (০.৪৭৫), যিটো দক্ষিণ আফ্ৰিকাতকৈ কম । তৃতীয় স্থানত থকা আফগানিস্তানে ২খন মেচত ২ পইণ্ট লাভ কৰিছে আৰু তেওঁলোকৰ নেট ৰেট (-০.৯৯০)। চাৰি নম্বৰত আছে ইংৰাজ দল, যাৰ একাউণ্ট এতিয়াও খোলা হোৱা নাই ।