ভাৰতীয় দলটোৱে নিজাববীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ পাইছিল যদিও অষ্ট্ৰেলিয়াৰ প্ৰত্যাহ্বান পুনৰবাৰ ইয়াৰ বাবে অসম্ভৱ বুলি প্ৰমাণিত হয়। ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা মেচখনত জয়লাভ কৰাৰ পিছতো টিম ইণ্ডিয়াই আজি হ’বলগীয়া পাকিস্তান আৰু নিউজিলেণ্ডৰ মেচখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ’লহেঁতেন কিন্তু তেতিয়া টিম ইণ্ডিয়া অৰ্হতাৰ ওপৰত নিৰ্বাচিত হ’লহেতেন। কিন্তু এতিয়া টীম ইণ্ডিয়াৰ বিপদত পৰাৰ সম্ভাৱনা।
মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা নাইকীয়া কৰিছে টিম ইণ্ডিয়াই। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে কালি হোৱা মেচত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ হাতত ৯ ৰানত পৰাস্ত হয়। ইয়াৰ লগে লগে ভাৰতৰ নিজাববীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশৰ আশাৰ অন্ত পৰিল। টিম ইণ্ডিয়াৰ হাতত এতিয়া ছেমি ফাইনেলত প্ৰৱেশৰ এটাই পথ আছে আৰু ইয়াৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সহায়ৰ প্ৰয়োজন হ’ব। একেখন পাকিস্তানে, যিখন পাকিস্তানক নিজেই টিম ইণ্ডিয়াই এসপ্তাহ পূৰ্বে পৰাস্ত কৰিছিল।
শ্বাৰজাহত গ্ৰুপ Aৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ পৰা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়াই। ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা মজবুত কৰিবলৈ ভাৰতে যিকোনো মূল্যৰ বিনিময়ত এই মেচত জয়ী হোৱাৰ প্ৰয়োজন আছিল। এই মেচখনত যদি টিম ইণ্ডিয়াই জয়ী হ’লহেঁতেন তেন্তে ৬ পইণ্ট লাভ কৰিলেহেঁতেন আৰু ছেমি ফাইনেলৰ ওচৰ চাপিলহেঁতেন। অৱশ্যে তেতিয়াও টিম ইণ্ডিয়াই পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই গ্ৰুপৰ অন্তিমখন খেলৰ ফলাফললৈ অপেক্ষা কৰিবলগীয়া হ’লহেঁতেন, কিন্তু তেতিয়া ভাৰতীয় দলৰ অৱস্থা ভাল হ’লহেঁতেন৷
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছতো ৪ পইণ্টেৰে পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে টিম ইণ্ডিয়া। নিউজিলেণ্ডৰো ৪ পইণ্ট আছে যদিও তৃতীয় স্থানত আছে। দুয়োটা দলৰ মাজত পাৰ্থক্য মাথোঁ নেট ৰান ৰেটৰ। ভাৰতৰ নেট ৰান ৰেট ০.৩২২, আনহাতে নিউজিলেণ্ডৰ ০.২৮২। কিন্তু নিউজিলেণ্ডৰ এখন মেচ বাকী আছে আৰু এই মেচখন ১৪ অক্টোবৰ সোমবাৰে ডুবাইত অনুষ্ঠিত হ’ব। এতিয়া ছেমি ফাইনেলত প্ৰৱেশৰ সমীকৰণটো অতি সহজ।
এই মেচত যদি নিউজিলেণ্ড জয়ী হয় তেন্তে ৬ পইণ্ট লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিব। আনহাতে, যদি পাকিস্তানে কেনেবাকৈ নিউজিলেণ্ডক পৰাস্ত কৰে, তেন্তে তিনিওটা দলে ৪ পইণ্টকৈ লাভ কৰিব কিন্তু কেৱল টিম ইণ্ডিয়াইহে নেট ৰান ৰেট ভাল হ’ব আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰিব। কিন্তু পাকিস্তানে যদি কেনেবাকৈ ৫৩বা তাতকৈ অধিক ৰানৰ ব্যৱধানত নিউজিলেণ্ডক পৰাস্ত কৰে, তেন্তে পাকিস্তান ছেমি ফাইনেলত প্ৰৱেশ কৰিব।