ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদে চলিত গৃহযুদ্ধৰ মাজতে দেশৰ পৰা পলাই গৈছে। তাৰ পিছত বিদ্ৰোহীসকলে দেওবাৰে ৰাজধানী দামাস্কাচ দখল কৰে। ৰাষ্ট্ৰপতি পলাই যোৱাৰ লগে লগে ৰাষ্ট্ৰপতি ভৱনত এটা দল প্ৰৱেশ কৰে আৰু তাত থকা সামগ্ৰীবোৰ লুটি লৈ যায়।
ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল-আছৰৰ পৰিয়ালে ৫০ বছৰৰো অধিক সময় ধৰি শাসনত আছে। তেওঁৰ দেউতাক হাফেজ আল-আসাদ ২৯ বছৰ ধৰি ৰাষ্ট্ৰপতি আছিল। তেওঁৰ মৃত্যুৰ পিছত বাছাৰে ২০০০ চনত চিৰিয়াৰ দায়িত্ব গ্ৰহণ কৰে।
এই ঘটনাৰ পিছত ছিৰিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদ গাজী আল-জালালীয়ে এক বিবৃতি জাৰি কৰি কয় যে চৰকাৰে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত যিকোনো নেতৃত্বৰ সৈতে সহযোগিতা কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত।
ছিৰিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদ গাজী আল-জালালীয়ে কয়, “মই ঘৰত আছোঁ, মই এৰি যোৱা নাই, আৰু মই এৰি যোৱাৰো ইচ্ছা নাই।মই শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা ওলাই আহিব বিচাৰো”।
প্ৰধানমন্ত্ৰী মহম্মদ গাজী আল-জালালীয়ে ছিৰিয়াৰ সকলো নাগৰিকক দেশখনৰ কোনো ৰাজহুৱা সম্পত্তি ক্ষতি নকৰিবলৈ আহ্বান জনাইছে। জালালীয়ে কৈছে এই সম্পত্তিবোৰ আপোনালোকৰ।
প্ৰতিবাদকাৰী হায়াত তাহৰীৰ আল-শ্বামে (এইচটিএছ) এক বিবৃতি দি কয়, “আমি ২০২৪ চনৰ ১২ ডিচেম্বৰত এই অন্ধকাৰ যুগৰ সমাপ্তি আৰু ছিৰিয়াত এক নতুন যুগৰ আৰম্ভণি ঘোষণা কৰিছো।”
এইচটিএছে কৈছিল যে “আসাদক উৎখাত কৰা হৈছে আৰু দেশখনত নিৰ্দিষ্ট আধিপত্য বিস্তাৰ নাথাকিব”।
২০১১ চনত আল-আসাদৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ হিচাপে ছিৰিয়াৰ যুদ্ধ আৰম্ভ হৈছিল আৰু অতি সোনকালে ই এক সম্পূৰ্ণ সংঘৰ্ষলৈ পৰিণত হৈছিল য’ত বিদেশী বাহিনীও যোগদান কৰিছিল।
পৃথিৱীৰ আটাইতকৈ ডাঙৰ শৰণাৰ্থী সংকটত লাখ লাখ লোকৰ মৃত্যু হৈছিল আনহাতে লাখ লাখ মানুহে তেওঁলোকৰ ঘৰএৰি পলাই যাবলৈ বাধ্য হৈছিল।