ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন মিত্ৰজোঁটে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে । ইয়াৰ লগে লগে হেমন্ত ছোৰেনে নিজৰ ক্ষমতা বজাই ৰখাত সফল হৈছে । ঝাৰখণ্ড ৰাজ্য গঠনৰ পিছত এয়া প্ৰথমবাৰৰ বাবে হ’ব, যেতিয়া কোনো চৰকাৰে দ্বিতীয় কাৰ্যকালৰ বাবে ক্ষমতা লাভ কৰিব । ৰাজভৱনত উপস্থিত হৈ হেমন্ত ছোৰেনে ৰাজ্যপাল সন্তোষ গংগৱাৰক সাক্ষাৎ কৰি তেওঁৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে, তাৰ পিছত চৰকাৰ গঠনৰ দাবী কৰে । ২৮ নৱেম্বৰত ৰাঁচীত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।
চৰকাৰ গঠনৰ দাবী কৰিলে হেমন্ত ছোৰেনে-
দেওবাৰে সন্ধিয়া ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা জে এম এমৰ কাৰ্যকৰী সভাপতি হেমন্ত ছোৰেনে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল সন্তোষ গংগৱাৰক পদত্যাগ পত্ৰ দাখিল কৰি চৰকাৰ গঠনৰ দাবী কৰে । ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত ৫৬খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ইণ্ডিয়া ব্লকে । হেমন্ত ছোৰেনৰ নেতৃত্বত জে এম এমে ৩৪খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰ দল কংগ্ৰেছে ১৬খন, আৰ জে ডিয়ে ৪খন আৰু চি পি আই এম এলে ২খন আসন লাভ কৰিছে ।
২৮ নৱেম্বৰত ঝাৰখণ্ডত শপত গ্ৰহণ হ’ব-
কংগ্ৰেছ নেতা সুবোধ কান্ত সহায়ৰ মতে অহা ২৮ নৱেম্বৰত ঝাৰখণ্ডৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
ঝাৰখণ্ডত চাৰিটা কেবিনেট পদৰ দাবী কংগ্ৰেছৰ-
সূত্ৰ অনুসৰি কংগ্ৰেছে ঝাৰখণ্ডত ৪টা কেবিনেট পদৰ দাবী জনাইছে । কংগ্ৰেছে ৪:১ ফৰ্মুলাত জে এম এমৰ পৰা কেবিনেট পদ বিচাৰিছে । কংগ্ৰেছত ১৬ জন বিধায়ক আছে । সূত্ৰ অনুসৰি দলটোৱে প্ৰতি চাৰিজন বিধায়কৰ বাবে মন্ত্ৰী পদৰ দাবী জনাইছে ।