ভোটগণনাত পিছ পৰিলেও আশা এৰি দিয়া নাই কংগ্ৰেছে । হাৰিয়ানাটো চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী কংগ্ৰেছ শিবিৰ । এক্সিট প’লৰ ওপৰত ভৰসা ৰাখিছে কংগ্ৰেছে ।
উল্লেখ্য যে, আজি পুৱাৰে পৰা হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হৈছে । ভোটগণনাৰ আৰম্ভণিৰে পৰাই কংগ্ৰেছ দলে বৃহৎ অগ্ৰগতি লাভ কৰি চৰকাৰ গঠনৰ ইংগিত দিছিল যদিও হঠাৎ পট পৰিৱৰ্তন হয় । কংগ্ৰেছক পিছ পেলাই বিজেপি দলে বৃহৎ অগ্ৰগতি লাভ কৰে ।
বাতৰি লিখাৰ পৰলৈকে হাৰিয়ানাত ৯০ খন আসনৰ ৪৬ খনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ৩ খন আসনত বিজয়ী হৈছে বিজেপিল । আনহাতে কংগ্ৰেছ দল আগবাঢ়িছে ৩২ খনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ৩ খন আসনত জয়লাভ কৰিছে । অন্যান্য দলসমূহ আগবাঢ়ি আছে ৬ খন আসনত ।
ইফালে কুলদীপ সিং হুদাই হাৰিয়ানাত কংগ্ৰেই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিছে । কংগ্ৰেছ প্ৰাৰ্থী ভূপিন্দৰ সিং হুডাৰ ভাতৃ কুলদীপ হুদা ।