উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰ শিকাৰপুৰ প্ৰাথমিক বিদ্যালয়ত কৰা ইফতাৰ পাৰ্টিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। সেই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই বিদ্যালয়ত ইফতাৰ পাৰ্টি অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বাবে অধ্যক্ষগৰাকীক নিলম্বন কৰা হৈছে।ইফতাৰ পাৰ্টিৰ আয়োজকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।
বিদ্যালয়ৰ ভিতৰত ইফতাৰ পাৰ্টিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এই বিষয়টো হঠাতে চৰ্চালৈ আহে। প্ৰতিবাদৰ পিছত ঘটনাৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হয়।
তদন্তত প্ৰকাশ পাইছে যে ৰোজা ইফটাৰীৰ ভাইৰেল ভিডিঅ’টো বুলন্দশ্বহৰৰ শিকাৰপুৰ অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ৰ।
১৭ মাৰ্চৰ সন্ধিয়া ৰোজা ইফতাৰৰ বাবে প্ৰাথমিক বিদ্যালয়খনত মুছলমান সম্প্ৰদায়ৰ বহু সংখ্যক লোক গোট খাইছিল।
ইয়াৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ অধ্যক্ষ ইৰফানা নাকভিয়ে বিদ্যালয়ত ৰোজা ইফটাৰীৰ বাবে অনুমতি দিছিল।ইয়াৰ পূৰ্বে শিক্ষা বিভাগৰ কোনো জ্যেষ্ঠ বিষয়াৰ পৰা অনুমতি নোলোৱাকৈয়ে এই কামৰ বাবে ইফতাৰ দলৰ আয়োজকক বিদ্যালয়ৰ চাবি অৰ্পণ কৰে।
শিকাৰপুৰ অঞ্চলৰ এবছা অমন গুপ্তাই জনোৱা মতে, বিদ্যালয়খনত ৰোজা ইফটাৰী পাৰ্টিৰ অনুমতি দিয়াৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষ ইৰফানা নকৱীক নিলম্বন কৰা হৈছে।
ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছিল যে কিছু সংখ্যক ইছলামধৰ্মী লোকে বিদ্যালয়ৰ ভিতৰত বহি আছে আৰু বেকগ্ৰাউণ্ডত সংগীত বাজি আছে।
মাটিত বহি ইছলামধৰ্মী লোকসকলে ইফতাৰ কৰি আছে। ভিডিঅ’ টো ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল।