ৰমজানক ইছলামত অতি পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। এইটো ইছলামিক বৰ্ষপঞ্জিৰ নৱম মাহ, য’ত মুছলমান সম্প্ৰদায়ে ৰোজা পালন কৰে।
এই ৰমজান মাহত মুছলমানসকলে আল্লাহৰ ইবাদত কৰে, ৰোজা ৰাখে আৰু ধৰ্মীয় কাম (জাকাত) কৰে। এই মাহৰ শেষত ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হয়।
ৰমজান ২৯ বা ৩০ দিন ৰখা হয় আৰু ইয়াৰ আৰম্ভণি আৰু প্ৰথমটো ৰোজা জোন দেখাৰ ওপৰত নিৰ্ভৰ কৰে।সেয়েহে, চন্দ্ৰ দেখাৰ পিছতহে ৰমজানৰ সঠিক তাৰিখ নিৰ্ধাৰণ কৰা হয়।
এই ক্ষেত্ৰত, যদি মাগ্ৰিব প্ৰাৰ্থনাৰ পিছত শুক্ৰবাৰে (২৮মাৰ্চ) চন্দ্ৰ দেখা যায়, তেন্তে ৰমজান ১ মাৰ্চত আৰম্ভ হ’ব।ইফালে, যদি চন্দ্ৰ দৃশ্যমান নহয়, তেনেহলে পবিত্ৰ মাহটো ২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। এই বছৰ, ৰমজান ১ মাৰ্চত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
যদি ২৮ ফেব্ৰুৱাৰীত ভাৰতত ৰমজানৰ চন্দ্ৰ দেখা যায়, তেন্তে প্ৰথম ৰোজা ১মাৰ্চত পালন কৰা হ’ব। চন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰমজান মাহ ৩০ বা ৩১ মাৰ্চত শেষ হ’ব পাৰে।
ৰমজানৰ শেষত শোৱাল মাহৰ প্ৰথম তাৰিখত ঈদ-উল-ফিতৰ উদযাপন কৰা হয়। এই বছৰ, ঈদ ৩১ মাৰ্চত উদযাপন কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, এইটো কেৱল চন্দ্ৰ দেখাৰ পিছতহে নিশ্চিত কৰা হ’ব।
প্ৰতিজন ৰোজাদাৰৰ বাবে ৰমজানত দিনটোত পাঁচবাৰ নামাজ পঢ়াটো অতি প্ৰয়োজনীয়। অৱশ্যে প্ৰতিদিনে পাঁচবাৰ নামজ পঢ়াটো ইছলামত বাধ্যতামূলক কৰা হৈছে।
পবিত্ৰ ৰমজান মাহত জাকাত অৰ্থাৎ ঈদৰ আগত দান-বৰঙণি কৰাটো অতি গুৰুত্বপূৰ্ণ। দুখীয়া-দৰিদ্ৰ লোকক নিজৰ বছৰেকীয়া উপাৰ্জনৰ এটা অংশ জাকাত হিচাপে দান কৰিব লাগে।