প্ৰধানমন্ত্ৰী মোদীয়ে জনালে ৰমজানৰ শুভেচ্ছা, দিলে সামাজিক ঐক্যৰ বাৰ্তা

প্ৰধানমন্ত্ৰী মোদীয়ে ৰমজান উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে ।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰমজান উপলক্ষে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয় যে এই পবিত্ৰ মাহটোৱে সমাজত ঐক্যৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰিব । আজিৰ পৰা মুছলমানসকলৰ পবিত্ৰ মাহ ৰমজান আৰম্ভ হৈছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ৰমজান মুবাৰক! এই পবিত্ৰ মাহে আমাৰ সমাজত ঐক্যৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰক । সকলোতে শান্তি আৰু সমৃদ্ধি ভৰি পৰক ।”

ইছলামিক চন্দ্ৰ কেলেণ্ডাৰ (হিজৰী)ৰ নৱম মাহ ৰমজান । ইয়াৰ আৰম্ভণি চন্দ্ৰ দেখাৰ পৰা হয় আৰু বিশ্বজুৰি মুছলমানসকলে পালন কৰা ৰোজাৰ সময়ছোৱাৰ আৰম্ভণি হয় । ৰমজানত মছজিদত বিশেষ সন্ধিয়াৰ নামাজ অনুষ্ঠিত হয়, য’ত কোৰআন পাঠ কৰা হয় আৰু ঈদৰ চন্দ্ৰ দৰ্শন নোহোৱালৈকে চলি থাকে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰমজান উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি পবিত্ৰ মাহ আৰম্ভ হোৱাৰ লগে লগে সমাজত শান্তি, সমৃদ্ধি আৰু ঐক্যৰ কামনা কৰে ।

বুধবাৰে সন্ধিয়া দেশৰ বহু ঠাইত চন্দ্ৰ দেখা পোৱাৰ পাছত ভাৰতত আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ৰমজান । চন্দ্ৰ দেখা পোৱাৰ পিছত আগন্তুক ৩০ দিনলৈ মুছলমানসকলে ৰোজা পালন কৰিব ।

লগতে পঢ়ক : ‘এআইক যি দিশলৈকে নিয়া হয়, সেয়াই আমাৰ ভৱিষ্যত হ’ব’; প্ৰধানমন্ত্ৰী মোদী

আজিৰে পৰা আৰম্ভ ৰমজান মাহ…জানক ইয়াৰ গুৰুত্ব আৰু তাৎপৰ্য

পবিত্ৰ ৰমজান মাহ আজি অৰ্থাৎ ০২ মাৰ্চৰ পৰা আৰম্ভ হৈছে । ইছলামত ৰমজান মাহক অতি পবিত্ৰ আৰু বিশেষ বুলি গণ্য কৰা হয় । সমগ্ৰ ৰমজান মাহত মুছলমান ধৰ্মৰ লোকে ঈশ্বৰৰ উপাসনা কৰে আৰু ৰোজা ৰাখে । ইছলামিক কেলেণ্ডাৰ অনুসৰি ৰমজান বছৰৰ নৱম মাহ । ৰমজানৰ দিনত মুছলমান লোকসকলে প্ৰতিদিনে ৰোজা পালন কৰে আৰু শেষৰ দিনটোত আল্লাক ধন্যবাদ দি ঈদ-উল-ফিতৰ উৎসৱ অতি আড়ম্বৰেৰে পালন কৰে ।

এইবাৰ ২৮ ফেব্ৰুৱাৰীত চন্দ্ৰ দৃশ্যমান হোৱা নাছিল, গতিকে ইছলামিক পণ্ডিত আৰু ধৰ্মগুৰুসকলৰ মতে, ১৪৪৬ হিজৰিত ২৮ ফেব্ৰুৱাৰীত ৰমজানৰ চন্দ্ৰ দেখা নোপোৱাৰ বাবে ৰমজান মাহৰ প্ৰথম দিনটো হ’ব ২০২৫ চনৰ ০২ মাৰ্চত আৰু এই দিনটোত প্ৰথম ৰোজা ৰখা হ’ব । উল্লেখ্য যে পবিত্ৰ ৰমজান মাহটো শ্বাব-ই-বাৰাতৰ ১৪ তাৰিখৰ পৰা আৰম্ভ হয় । ভাৰতত ৰমজান মাহৰ যিদিনা আৰম্ভ হয় সেয়া নিৰ্ভৰ কৰে মক্কাত চন্দ্ৰ দৰ্শনৰ ওপৰত । চৌদি আৰৱত চন্দ্ৰ দৰ্শনৰ পিছদিনা ভাৰতত প্ৰথম ৰোজা পালন কৰা হয় আৰু পবিত্ৰ ৰমজান মাহ আৰম্ভ হয় ।

ৰমজানত কিয় ৰোজা ৰখা হয় ?

ৰমজান মাহত ইবাদতৰ বিশেষ তাৎপৰ্য আছে । ৰমজানৰ দিনত ৰোজাৰ লগতে পাঁচবাৰ নামাজ আৰু তাৰাৱিহৰ বিশেষ নামাজৰ গুৰুত্ব আছে । ৰোজাৰ লগতে পবিত্ৰ ৰমজান মাহে আত্মনিয়ন্ত্ৰণ, উপাসনা আৰু আৰ্তজনক সহায় আৰু সেৱা কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে । ইছলাম ধৰ্মাৱলম্বীসকলৰ বিশ্বাস অনুসৰি ৬১০ চনত অৰ্থাৎ ইছলামিক কেলেণ্ডাৰৰ নৱম মাহত মহম্মদ চাহাবে পবিত্ৰ কোৰআনৰ জ্ঞান লাভ কৰিছিল । তেতিয়াৰ পৰা আজিলৈকে মুছলমান ধৰ্ম অনুগামীসকলে প্ৰতি বছৰে পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি শেষত ঈদ-উল-ফিতৰ উৎসৱ পালন কৰে ।

ৰোজাৰ নিয়ম কি-

পবিত্ৰ ৰমজান মাহত মুছলমান সম্প্ৰদায়ৰ মানুহে ৰোজা ৰাখে । ৰোজা ৰাখিবলৈ মুছলমান ধৰ্মৰ অনুগামীসকলে প্ৰতিদিনে ৰাতিপুৱা সূৰ্য্য উদয়ৰ আগতে চেহৰী কৰে । অৰ্থাৎ সূৰ্য্য উদয়ৰ আগতে কিবা এটা খায়, তাৰ পিছত গোটেই দিনটো একো নাখায় আৰু সন্ধিয়া সূৰ্যাস্তৰ সময়ত ইফতাৰ কৰি ৰোজা ভাঙে । এইদৰে ৰোজা ৰখাজনে গোটেই দিনটো কোনো খাদ্য-পানী নোখোৱাকৈ থাকে ।

চৌডী আৰৱত আজি দেখা যাব পাৰে ৰমজানৰ জোন; ভাৰতত কেতিয়া পালন কৰিব প্ৰথমটো ৰোজা

ৰমজানক ইছলামত অতি পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। এইটো ইছলামিক বৰ্ষপঞ্জিৰ নৱম মাহ, য’ত মুছলমান সম্প্ৰদায়ে ৰোজা পালন কৰে।

এই ৰমজান মাহত মুছলমানসকলে আল্লাহৰ ইবাদত কৰে, ৰোজা ৰাখে আৰু ধৰ্মীয় কাম (জাকাত) কৰে।  এই মাহৰ শেষত ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হয়।

ৰমজান ২৯ বা ৩০ দিন ৰখা হয় আৰু ইয়াৰ আৰম্ভণি আৰু প্ৰথমটো ৰোজা জোন দেখাৰ ওপৰত নিৰ্ভৰ কৰে।সেয়েহে, চন্দ্ৰ দেখাৰ পিছতহে ৰমজানৰ সঠিক তাৰিখ নিৰ্ধাৰণ কৰা হয়।

এই ক্ষেত্ৰত, যদি মাগ্ৰিব প্ৰাৰ্থনাৰ পিছত শুক্ৰবাৰে (২৮মাৰ্চ) চন্দ্ৰ দেখা যায়, তেন্তে ৰমজান ১ মাৰ্চত আৰম্ভ হ’ব।ইফালে, যদি চন্দ্ৰ দৃশ্যমান নহয়, তেনেহলে পবিত্ৰ মাহটো ২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। এই বছৰ, ৰমজান ১ মাৰ্চত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

যদি ২৮ ফেব্ৰুৱাৰীত ভাৰতত ৰমজানৰ চন্দ্ৰ দেখা যায়, তেন্তে প্ৰথম ৰোজা ১মাৰ্চত পালন কৰা হ’ব। চন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰমজান মাহ ৩০ বা ৩১ মাৰ্চত শেষ হ’ব পাৰে।

ৰমজানৰ শেষত শোৱাল মাহৰ প্ৰথম তাৰিখত ঈদ-উল-ফিতৰ উদযাপন কৰা হয়। এই বছৰ, ঈদ ৩১ মাৰ্চত উদযাপন কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, এইটো কেৱল চন্দ্ৰ দেখাৰ পিছতহে নিশ্চিত কৰা হ’ব।

প্ৰতিজন ৰোজাদাৰৰ বাবে ৰমজানত দিনটোত পাঁচবাৰ নামাজ পঢ়াটো অতি প্ৰয়োজনীয়। অৱশ্যে প্ৰতিদিনে পাঁচবাৰ নামজ পঢ়াটো ইছলামত বাধ্যতামূলক কৰা হৈছে।

পবিত্ৰ ৰমজান মাহত জাকাত অৰ্থাৎ ঈদৰ আগত দান-বৰঙণি কৰাটো অতি গুৰুত্বপূৰ্ণ। দুখীয়া-দৰিদ্ৰ লোকক নিজৰ বছৰেকীয়া উপাৰ্জনৰ এটা অংশ জাকাত হিচাপে দান কৰিব লাগে।