আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত ভাৰতীয় দলটোৱে নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে । এই খেলখন ৯ মাৰ্চত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । ইয়াৰ মাত্ৰ এদিন পিছতে আই চি চিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ ১২ জনীয়া দল ।
ইয়াত বহুতো আচৰিত ধৰণৰ সিদ্ধান্ত লোৱা হৈছে । চেম্পিয়ন ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক দলত স্থান দিয়া নহ’ল । আনহাতে আয়োজক দল পাকিস্তানৰ কোনো খেলুৱৈক অন্তৰ্ভুক্ত কৰা হোৱা নাই । এই প্ৰতিযোগিতাত ৮টা দলে অংশগ্ৰহণ কৰিছিল, ইয়াৰে ১২ জনীয়া দলটো মাত্ৰ ৩টা দলৰ পৰা নিৰ্বাচিত হৈছে ।
ভাৰতৰ ৬ গৰাকী খেলুৱৈক দলত অন্তৰ্ভুক্ত-
এই তিনিখন দেশ হ’ল ভাৰত, নিউজীলেণ্ড আৰু আফগানিস্তান । ভাৰতীয় দলৰ ৬ গৰাকী খেলুৱৈয়ে এই চেম্পিয়নছ ট্ৰফীৰ দলত স্থান লাভ কৰিছে । এই খেলুৱৈসকল হৈছে বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), মহম্মদ ছামী, বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেল ।
ইয়াৰ উপৰিও ৰানাৰ্ছ আপ নিউজীলেণ্ড দলৰ ৪ জন খেলুৱৈয়ে দলত স্থান লাভ কৰিছে । এই খেলুৱৈসকল হ’ল ৰাচিন ৰবীন্দ্ৰ, গ্লেন ফিলিপছ, মিচেল ছেণ্টনাৰ আৰু মেট হেনৰী । এই দলটোৰ কমাণ্ড অৰ্থাৎ অধিনায়কত্ব ছেন্টনাৰৰ হাতত অৰ্পণ কৰা হৈছে । আনহাতে আফগানিস্তানৰ ২ জন খেলুৱৈয়ে দলত স্থান লাভ কৰিছে । এই খেলুৱৈসকল হ’ল ইব্ৰাহিম জাদ্ৰান আৰু আজমাতুল্লাহ উমৰজাই ।
স্থান নাপালে পাকিস্তানৰ কোনো খেলুৱৈয়ে-
আনহাতে পাকিস্তান এই প্ৰতিযোগিতাৰ আয়োজক আছিল । কিন্তু তেওঁলোকৰ দলৰ এজনো খেলুৱৈ চেম্পিয়নছ ট্ৰফী দলত অন্তৰ্ভুক্ত হোৱা নাই । কোনো মেচত জয়ী নোহোৱাকৈ ৫ দিনৰ ভিতৰত এই প্ৰতিযোগিতাৰ পৰা পাকিস্তান দল বাহিৰ হয় । পাকিস্তানৰ বাহিৰেও দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু ইংলেণ্ডৰ কোনো খেলুৱৈয়ে স্থান নাপালে এই দলত ।
আইচিচিৰ ১২ জনীয়া চেম্পিয়নছ ট্ৰফী দল-
ৰাচিন ৰবীন্দ্ৰ, ইব্ৰাহিম জাদ্ৰান, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), গ্লেন ফিলিপছ, আজমাতুল্লাহ উমৰজাই, মিচেল ছেণ্টনাৰ (অধিনায়ক), মহম্মদ ছামী, মেট হেনৰী, বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেল ।