আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ এসপ্তাহতকৈয়ো কম সময় বাকী আছে । এইবাৰ পাকিস্তানৰ আতিথ্যত ‘হাইব্ৰিড মডেল’ৰ অধীনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । এই খেলসমূহ পাকিস্তানৰ তিনিখন চহৰ (লাহোৰ, ৰাৱালপিণ্ডি, কৰাচী) আৰু ডুবাইত অনুষ্ঠিত হ’ব । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব টিম ইণ্ডিয়াই ।
ঘোষণা হ’ল প্ৰাইজমানি-
শেহতীয়াকৈ আই চি চিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধন অথবা প্ৰাইজমানি । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বিজয়ী দলটোৱে লাভ কৰিব ২.২৪ মিলিয়ন ডলাৰ (প্ৰায় ১৯.৪৬ কোটি টকা) । ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিব ১১.১২ মিলিয়ন ডলাৰ (প্ৰায় ৯.৭৩ কোটি টকা) । ছেমি ফাইনেলত পৰাজিত দুয়োটা দলে সমান পৰিমাণৰ ৫ লাখ ৬০ হাজাৰ ডলাৰ (প্ৰায় ৪.৮৬ কোটি টকা) লাভ কৰিব ।
চেম্পিয়নছ ট্ৰফীত প্ৰতিখন মেচেই গুৰুত্বপূৰ্ণ হ’ব । গ্ৰুপ পৰ্যায়ত মেচত জয়ী হোৱাৰ বাবে দলটোৱে লাভ কৰিব ৩৪০০০ ডলাৰ (প্ৰায় ২৯.৫৩ লাখ টকা) । আনহাতে পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ৩৫০০০০০০ ডলাৰ (প্ৰায় ৩.০৪ কোটি টকা) লাভ কৰিব । আনহাতে সপ্তম আৰু অষ্টম স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ১৪০০০০০ ডলাৰ (প্ৰায় ১.২২ কোটি টকা) লাভ কৰিব । ইয়াৰ উপৰিও এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আটাইকেইটা দলকে ১২৫০০০ ডলাৰ (প্ৰায় ১.০৯ কোটি টকা)ৰ নিশ্চয়তা প্ৰদান কৰা হ’ব । এই প্ৰতিযোগিতাত আই চি চিয়ে মুঠ ৬৯ লাখ ডলাৰ (প্ৰায় ৬০ কোটি টকা) পুৰস্কাৰ ধন বিতৰণ কৰিব । ২০১৭ চনৰ তুলনাত ৫৩ শতাংশ বেছি ।
চেম্পিয়নছ ট্ৰফী পুৰস্কাৰৰ ধন: (USD ডলাৰ)
বিজয়ী দল: ২.২৪ মিলিয়ন ডলাৰ (১৯.৪৬ কোটি টকা)
ৰানাৰ্ছ আপ : ১২.৪ মিলিয়ন ডলাৰ (৯.৭৩ কোটি টকা)
ছেমি ফাইনেলিষ্ট : ৫,৬০,০০০ ডলাৰ (৪.৮৬ কোটি টকা)
পঞ্চম আৰু ষষ্ঠ স্থানৰ দল: ৩,৫০,০০০ ডলাৰ (৩.০৪ কোটি টকা)
সপ্তম বা অষ্টম স্থানৰ দল: ১৪০০০ ডলাৰ (১.২২ কোটি টকা)
গ্ৰুপ পৰ্যায়ত জয়ী: ১,৪০,০০০ ডলাৰ (১.২২ কোটি টকা)
নিশ্চয়তাৰ ধনঃ ১,২৫,০০০ ডলাৰ (১.০৯ কোটি টকা)