ভাৰতে ডুবাইত আগন্তুক আই চি চি চেম্পিয়নছ ট্ৰফীৰ সকলোবোৰ লীগ মেচ খেলিব, যাৰ ভিতৰত চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে ২৩ ফেব্ৰুৱাৰীত মুখামুখি হ’ব দলটো । ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপত ৰখা হৈছে । নিউজীলেণ্ড আৰু বাংলাদেশো এই গ্ৰুপত আছে । গ্ৰুপ বি-ত আছে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ড । প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখন ১৯ ফেব্ৰুৱাৰীত কৰাচীত অনুষ্ঠিত হ’ব । এই খেলখনত, আয়োজক পাকিস্তান নিউজীলেণ্ডৰ মুখামুখি হ’ব । ফাইনেল ৯ মাৰ্চত অনুষ্ঠিত হ’ব । ২০১৭ চনত শেষবাৰৰ বাবে অনুষ্ঠিত হোৱা এই বৃহৎ ৫০ অভাৰৰ ইভেণ্টত এইবাৰ ১৫খন মেচ অনুষ্ঠিত হ’ব । ইয়াৰে কমেও ১০খন মেচ পাকিস্তানত অনুষ্ঠিত হ’ব। পাকিস্তানৰ তিনিটা আয়োজক স্থান- ৰাৱালপিণ্ডি, লাহোৰ আৰু কৰাচী – দ্বিতীয়খন ছেমি ফাইনেল লাহোৰৰ পুনৰ নিৰ্মাণ কৰা গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।
কেতিয়া ঘোষণা হ’ব টিম ইণ্ডিয়া-
উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ৯ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীৰ ভিতৰত ঘোষণা কৰা হ’ব পাৰে । এনে পৰিস্থিতিত ভাৰতীয় দলত কোন খেলুৱৈয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে সুযোগ পাব পাৰে সেয়া আকৰ্ষণীয় হ’ব । ভাৰতীয় নিৰ্বাচকসকলে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে দল একেলগে ঘোষণা কৰিব পাৰে ।
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা জিৰণি ল’ব পাৰে যশপ্ৰীত বুমৰাহে-
কৰ্মৰ বোজাৰ কথা বিবেচনা কৰিলে ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া মেচৰ টি-২০ শৃংখলাৰ পৰা জিৰণি ল’ব পাৰে যশপ্ৰীত বুমৰাহে । ছিডনী টেষ্টত বুমৰাহ আঘাতপ্ৰাপ্ত হৈছিল । এনে পৰিস্থিতিত আঘাত আৰু কামৰ বোজা বিবেচনা কৰিলে বুমৰাহক ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা জিৰণি দিয়া হ’ব পাৰে । একে সময়তে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত বুমৰাহ পুনৰ ঘূৰি আহিব পাৰে ।
ঘূৰি আহিব পাৰে মহম্মদ ছামী আৰু শ্ৰেয়াছ আয়াৰ-
দীৰ্ঘদিন ধৰি টিম ইণ্ডিয়াৰ পৰা আঁতৰি থকা মহম্মদ ছামীয়ে এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফীত দললৈ ঘূৰি আহিব পাৰে । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা ছামী দলৰ পৰা আঁতৰি আছে । বৰ্তমান বংগৰ হৈ বিজয় হাজাৰে ট্ৰফীত খেলি আছে ছামীয়ে । ছামীয়ে নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব । এনে পৰিস্থিতিত ছামীয়ে নিজৰ ফিটনেছ প্ৰমাণ কৰিবলৈ সক্ষম হয় নে নহয় সেয়া লক্ষণীয় হ’ব । যদি মহম্মদ ছামী সম্পূৰ্ণ ফিট হয় তেন্তে তেওঁক টিম ইণ্ডিয়াত নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে ।
শ্ৰেয়াছ আয়াৰৰ উভতি অহাটো নিশ্চিত !
ইয়াৰ উপৰিও শ্ৰেয়াছ আয়াৰো দললৈ ঘূৰি আহিব পাৰে । প্ৰতিবেদন অনুসৰি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আয়াৰক নিৰ্বাচিত কৰা হ’ব পাৰে । শেষবাৰৰ বাবে ২০২৪ চনত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত তেওঁ সুযোগ পাইছিল । টিম ইণ্ডিয়াৰ পৰা বাদ পৰাৰ পিছত আয়াৰে অবিৰতভাৱে ঘৰুৱা ক্ৰিকেট খেলি আছে আৰু বেটিং কৰি বহু ৰান সংগ্ৰহ কৰিছে । এনে পৰিস্থিতিত তেওঁক টিম ইণ্ডিয়াত নিৰ্বাচিত কৰা হ’ব পাৰে ।
১২ জানুৱাৰী সময়সীমা-
চেম্পিয়নছ ট্ৰফীৰ বাবে দল ঘোষণা কৰাৰ বাবে আই চি চিয়ে নিৰ্ধাৰণ কৰা সময়সীমা ১২ জানুৱাৰী, অৰ্থাৎ ১২ জানুৱাৰীৰ ভিতৰত আটাইকেইটা দলে নিজৰ খেলুৱৈৰ তালিকা আই চি চিক জমা দিব লাগিব । একে সময়তে ১৩ ফেব্ৰুৱাৰীলৈকে দলসমূহে নিজৰ খেলুৱৈৰ পৰিৱৰ্তন কৰিব পাৰিব । এনে পৰিস্থিতিত ১০ৰ পৰা ১১ জানুৱাৰীৰ ভিতৰত টিম ইণ্ডিয়া ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে ।
ইংলেণ্ড শৃংখলাৰ বাবে সম্ভাৱ্য এদিনীয়া দল আৰু সম্ভাৱ্য চেম্পিয়নছ ট্ৰফী দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, যশস্বী জয়ছোৱাল (ৰিপ্লেচমেণ্ট অ’পেনাৰ), বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ/ৰবি বিষ্ণোই, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শদীপ সিং, মহম্মদ চিৰাজ ।
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল-
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন (উইকেটকীপাৰ), তিলক বাৰ্মা, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৰমনদীপ সিং, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং আৰু প্ৰসিদ্ধ কৃষ্ণ ।