আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত ভাৰতীয় দলটোৱে নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে । তৃতীয়বাৰৰ বাবে ভাৰতীয় দলটোৱে এই প্ৰতিযোগিতাত জয়লাভ কৰিছে । প্ৰথমবাৰ ভাৰতীয় দলটোৱে ২০০২ চনত শ্ৰীলংকাৰ সৈতে এই খিতাপ ভাগ কৰিছিল । তাৰ পিছত ২০১৩ চনত এম এছ ধোনীৰ অধিনায়কত্বত ভাৰতীয় দলটো চেম্পিয়ন হয় । এতিয়া ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ইতিহাস সৃষ্টি কৰিছে ।
চূড়ান্ত খেলৰ পিছত বিতৰ্কক লৈ আই চি চিৰ স্পষ্টীকৰণ-
চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত বিতৰ্কৰ সৃষ্টি হয় । দৰাচলতে সেই সময়ত মঞ্চত উপস্থিত নাছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কোনো বিষয়া । উল্লেখ্য যে পাকিস্তানৰ উদ্যোগত এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল । কিন্তু তাৰ পাছতো পাকিস্তান ক্ৰিকেট বৰ্ডৰ এজনো সদস্য এই অনুষ্ঠানত উপস্থিত নাথাকিল । এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে সমগ্ৰ বিষয়টোৰ ওপৰত স্পষ্টীকৰণ দিছে । লগতে আয়োজক পাকিস্তানক উপযুক্ত উত্তৰ দিছে আই চি চিয়ে ।
আই চি চিৰ এগৰাকী মুখপাত্ৰই কয় যে পি চি বিৰ মুৰব্বী মহছিন নাকভি উপলব্ধ নাছিল আৰু ডুবাইলৈ যোৱা নাছিল । মোৰ মতে এই অনুষ্ঠানৰ বাবে ব’ৰ্ডৰ বিষয়াসকলকহে মাতিব পাৰি । ইয়াৰ বাবে পি চি বিৰ কোনো বিষয়া উপলব্ধ নাছিল । তেওঁলোক (পি চি বি) আছিল আতিথ্যদাতা, তেওঁলোক তাত থাকিব লাগিছিল ।
পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে নিজৰ এক্স একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰি কয়, ‘ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফী জয় কৰিছে, কিন্তু ফাইনেলৰ পিছত পি চি বিৰ কোনো প্ৰতিনিধি নাছিল । পাকিস্তান আছিল আয়োজক । মই বুজি পোৱা নাই যে পি চি বিৰ কোনো এজনো কিয় উপস্থিত নাছিল ।
পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পি চি বিৰ অধ্যক্ষ মহছিন নাকভিয়ে ডুবাইলৈ যাব পৰা নাছিল কাৰণ তেওঁৰ গৃহমন্ত্ৰী হিচাপে কিছু কাৰ্যসূচী আছিল । আই চি চিৰ অধ্যক্ষ জয় শ্বাহ, বি চি চি আইৰ অধ্যক্ষ ৰজাৰ বিনি আৰু সটিব দেৱজিৎ শইকীয়াই খেলুৱৈসকলক পদক, ট্ৰফী আৰু কোট প্ৰদান কৰে ।
পি চি বিৰ সূত্ৰই দাবী কৰিছিল যে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া চুমাইৰ আহমেদ ডুবাইলৈ গৈছিল যদিও তেওঁক বঁটা প্ৰদান অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল । কিন্তু আই চি চিৰ মুখপাত্ৰৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে এই দাবী মিছা কাৰণ মঞ্চত পি চি বিৰ কোনো বিষয়া উপস্থিত নাছিল । এই প্ৰতিযোগিতাৰ পৰিচালকো আছিল চুমাইৰ আহমেদ ।