চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অন্তিমখন মেচত নিউজীলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লৈছে । ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে একেৰাহে ১৫ সংখ্যক টছত পৰাস্ত হৈছে । দলটোৰ মূল বলাৰ মেট হেনৰী আঘাতৰ বাবে প্লেইং এলেভেনৰ পৰা বাদ পৰাত নিউজীলেণ্ড এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । এই প্ৰতিযোগিতাখনত এই পৰ্যন্ত ১০টা উইকেট দখল কৰিছে হেনৰীয়ে । ভাৰতীয় দলটোৱে প্ৰথমে বলিং কৰিব আৰু মূল একাদশত কোনো সালসলনি কৰা নাই ।
নিউজীলেণ্ডৰ আটাইতকৈ বিপজ্জনক বলাৰ বাহিৰ-
চেম্পিয়নছ ট্ৰফী ২০২৫ত এতিয়ালৈকে নিউজীলেণ্ডৰ আটাইতকৈ মাৰাত্মক বলাৰ হিচাপে প্ৰমাণিত হোৱা মেট হেনৰীক আঘাতৰ বাবে মূল একাদশৰ পৰা বাদ দিয়া হৈছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছেমি ফাইনেল মেচত বল ধৰাৰ সময়তে হেনৰীয়ে কান্ধত আঘাত পাইছিল । হেনৰীৰ ঠাইত নাথান স্মিথক মূল একাদশত স্থান দিয়া হৈছে । এই পৰ্যন্ত সমগ্ৰ প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট দখলকাৰী হেনৰী ।
ভাৰত বনাম নিউজীলেণ্ড-
ভাৰত আৰু নিউজীলেণ্ডৰ মাজত এই পৰ্যন্ত মুঠ ১১৯খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে, ইয়াৰে ভাৰতীয় দলটোৱে ৬১ বাৰ বিজয়ী হৈছে । নিউজীলেণ্ডে ৫০ বাৰ জয়লাভ কৰিছে, ৭খন খেলৰ কোনো ফলাফল নাছিল আৰু তেওঁলোকৰ এখন মেচ টাইত শেষ হৈছিল । উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ গ্ৰুপ পৰ্যায়ত ভাৰতে নিউজীলেণ্ডক ৪৪ ৰানত পৰাস্ত কৰিছিল ।
ভাৰতৰ মূল একাদশ :
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, মহম্মদ ছামী আৰু বৰুণ চক্ৰৱৰ্তী ।