চেম্পিয়নছ ট্ৰফীত এতিয়ালৈকে অপৰাজিত হৈ থকা ভাৰতীয় দলটোৱে মঙলবাৰে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । মঙলবাৰে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত অৱ্তীৰ্ণ হ’ব । কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ আই চি চি প্ৰতিযোগিতাত সন্তোষজনক অভিলেখ নাই । এই একেটা কেংগাৰু দলে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোনক থানবান কৰিছিল আৰু ইয়াৰ পিছত পুনৰবাৰ ৰোহিত শৰ্মাৰ সেনাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ।
গ্ৰুপ পৰ্যায়ত সকলো খেলতে জয়লাভ-
ইতিমধ্যে চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ এ-ৰ তিনিওখন খেলতে ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় দলটোৱে প্ৰথমে বাংলাদেশক পৰাস্ত কৰি তাৰ পিছত নিজৰ চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে । ইয়াৰ পাছতে দেওবাৰে গ্ৰুপৰ অন্তিমখন মেচত নিউজীলেণ্ডক পৰাস্ত কৰি গ্ৰুপ পৰ্যায়ত শীৰ্ষস্থান দখল কৰে দলটোৱে । ভাৰতে তিনিওখন মেচতে বেটিং আৰু বলিঙত শক্তি দেখুৱাইছিল আৰু এতিয়া খিতাপ দখলৰ মাজত মাত্ৰ দুটা জয়হে বাকী আছে ।
অষ্ট্ৰেলিয়া এক ডাঙৰ প্ৰত্যাহ্বান-
অষ্ট্ৰেলিয়া দলত পেট কামিন্স, মিচেল ষ্টাৰ্ক আৰু জোছ হেজলউডৰ দৰে তাৰকা খেলুৱৈ নাই যদিও দলটোক শক্তিশালী ৰূপত দেখা গৈছে । গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ইংলেণ্ডক পৰাস্ত কৰে । সেই মেচতে অষ্ট্ৰেলিয়াই আই চি চিৰ এদিনীয়া প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বোচ্চ লক্ষ্যত উপনীত হয় । প্ৰথমখন মেচৰ পূৰ্বে এনে লাগিছিল যে অষ্ট্ৰেলিয়াৰ দলটো দুৰ্বল, কিন্তু ইংলেণ্ডক যি ধৰণেৰে পৰাস্ত কৰিছিল, সেইটোৱে প্ৰমাণ কৰিলে যে কেংগাৰু দলটোৱে আই চি চি প্ৰতিযোগিতাত বেলেগ ছন্দত খেলে ।
ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ দুয়োখন মেচ বৰষুণৰ বাবে বাধাগ্ৰস্ত হয় । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখন এটাও বল নপৰাকৈ বাতিল হোৱাৰ বিপৰীতে আফগানিস্তানৰ বিৰুদ্ধে খেলখন ইনিংছ দীঘল আছিল আৰু অষ্ট্ৰেলিয়াইও লক্ষ্য খেদি ১২.৫ অভাৰ খেলিছিল ।
বিজয়ী সংমিশ্ৰণত পৰিৱৰ্তনৰ সম্ভাৱনা কম-
নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতে চাৰিজন স্পীনাৰ আৰু দুজন বেগী বলাৰ খেলোৱাৰ সিদ্ধান্ত লৈছিল, যিটো সঠিক বুলি প্ৰমাণিত হৈছিল । দলটোত পাঁচজন স্পীনাৰক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক প্ৰতিযোগিতাখনৰ পূৰ্বে তীব্ৰ সমালোচনা কৰা হৈছিল যদিও এতিয়া ডুবাইৰ লেহেমীয়া পিটচত ই এক মাষ্টাৰ ষ্ট্ৰ’ক বুলি প্ৰমাণিত হৈছে । নিউজীলেণ্ডৰ ৯টা উইকেটৰ আটাইকেইটা স্পীনাৰে দখল কৰাৰ বাবে চাৰিগৰাকী স্পীনাৰক ফিল্ডত নমাই ভাৰত লাভৱান হয় ।
চেম্পিয়নছ ট্ৰফীত এইবাৰ প্ৰথমবাৰৰ বাবে স্পীনাৰে এখন মেচত ৯টা উইকেট দখল কৰে । নিউজীলেণ্ডৰ বিৰুদ্ধে বৰুণ চক্ৰৱৰ্তীয়ে চমকপ্ৰদ প্ৰদৰ্শনেৰে ৫টা উইকেট দখল কৰিবলৈ সক্ষম হয় । চেম্পিয়নছ ট্ৰফীত বৰুণে প্ৰথমখন মেচতে জিলিকি উঠে ।
এই পিটচবোৰত ভাৰতীয় বলাৰসকলৰ ধৈৰ্য ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে । বৰুণ, কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাডেজা আৰু অক্ষৰ পেটেলৰ ভাৰতীয় স্পীন কোৱাৰ্টেটে নিউজীলেণ্ডৰ বিৰুদ্ধে ৯টা উইকেট দখল কৰে । তেওঁলোকে ৩৯ অভাৰত ১২৮টা ডট বল বলি কৰে । আনকি কেন উইলিয়ামছনৰ দৰে ধৈৰ্য্যশীল বেটছমেনেও অক্ষৰ পেটেলৰ বিৰুদ্ধে ধৈৰ্য্য হেৰুৱাই ফলত কে এল ৰাহুলে তেওঁক ষ্টাম্প কৰে ।
গতিকে মাত্ৰ চাৰিজন স্পীনাৰ লৈ ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত । একে সময়তে বেগী বলিং বিভাগত হাৰ্দিক পাণ্ডিয়াৰ সৈতে থাকিব অভিজ্ঞ বলাৰ মহম্মদ ছামী । অৱশ্যে নিউজীলেণ্ডৰ বিৰুদ্ধে মাত্ৰ চাৰিটা অভাৰ বলিং কৰি উইকেট দখলত বৰ্য হয় ছামী ।
ট্ৰেভিছ হেডক ৰোধ কৰা জৰুৰী-
এই মেচত ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব ট্ৰেভিছ হেডক ৰোধ কৰা । ভাৰতৰ বিৰুদ্ধে হেডৰ বেটে আচৰিত কাম কৰে, বিশেষকৈ আই চি চি টুৰ্ণামেণ্টত তেওঁ ভাৰতীয় বলাৰসকলক ব্যতিব্যস্ত কৰি তোলে । এইজনেই হেড যিয়ে ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত নিজৰ উজ্জ্বল বেটিংৰে অষ্ট্ৰেলিয়াক জয়ৰ দিশত আগুৱাই লৈ গৈছিল । আফগানিস্তানৰ বিৰুদ্ধে ৪০টা বলত অপৰাজিত ৫৯ ৰান সংগ্ৰহ কৰি হেডে তেওঁৰ ফৰ্মত থকাটো প্ৰমাণ কৰে । হেডৰ বিৰুদ্ধে ছামী পৰা বহু আশা থাকিব ।
ছেমি ফাইনেলত ভাৰতীয় দলৰ সাম্ভাব্য মূল একাদশ-
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, অক্ষৰ পেটেল, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, বৰুণ চক্ৰৱৰ্তী, মহম্মদ ছামী, কুলদীপ যাদৱ ।