চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৬৫ ৰানৰ লক্ষ্য বান্ধি দিছে । অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে অধিনায়ক ষ্টিভ স্মিথে । তেওঁ ৭৩ ৰানৰ ইনিংছ খেলে । ভাৰতৰ হৈ বেগী বলাৰ মহম্মদ ছামীয়ে ৩টা উইকেট দখল কৰে, য’ত স্মিথৰ গুৰুত্বপূৰ্ণ উইকেটো আছিল ।
অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । ইনিংছ আৰম্ভ কৰি অষ্ট্ৰেলিয়া দলে ৩টা বল বাকী থকা অৱস্থাতে আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে । আৰম্ভণিতে অপেনাৰ কনলিক মহম্মদ ছামীয়ে পেভিলিয়নমুখী কৰে । তেওঁ একাউণ্ট খুলিবলৈয়ো সক্ষম নহ’ল । ইয়াৰ পিছত ট্ৰেভিছ হেড আৰু ষ্টিভ স্মিথে ইনিংছৰ দায়িত্ব লয় । ক্ৰীজত থিতাপি লোৱাৰ পিছত ট্ৰেভিছ হেডে বিস্ফোৰক বেটিং আৰম্ভ কৰিছিল যদিও বৰুণ চক্ৰৱৰ্তীয়ে তেওঁৰ ইনিংছত বাধা হৈ থিয় দিয়ে । ট্ৰেভিছ হেডে ৩৩টা বলত ৩৯ ৰান সংগ্ৰহ কৰি বৰুণ চক্ৰৱৰ্তীৰ বলত উইকেট বিসৰ্জন দিয়ে ।
ষ্টিভ স্মিথ আৰু এলেক্স কেৰীয়ে অৰ্জন কৰে অৰ্ধশতক-
আগতীয়াকৈ উইকেট হেৰুৱাই শলঠেকত পৰা অষ্ট্ৰেলিয়াক আগুৱাই নিয়াৰ দায়িত্ব লয় অধিনায়ক ষ্টিভ স্মিথে । তেওঁ ৭৩ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে । ৯৬টা বলৰ এই ইনিংছত ষ্টিভ স্মিথে ১টা ছয় আৰু ৪টা চাৰিটা কোবাই । ৩৭ নং অভাৰত স্মিথক বল্ড কৰে মহম্মদ ছামীয়ে । এই সময়ত অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ১৯৮/৫ । ইয়াৰ পিছত বিস্ফোৰক বেটছমেন গ্লেন মেক্সৱেল ব্যক্তিগত ৭ ৰানত বল্ড । তেওঁক অক্ষৰ পেটেলৰ চিকাৰ হয় ।
ইয়াৰ পিছত এলেক্স কেৰীয়ে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে । ডেথ অভাৰত কেৰীয়ে ভাল বেটিং কৰে । তেওঁ ৫৭টা বলত ৬১ ৰান সংগ্ৰহ কৰে । এই ইনিংছত তেওঁ ৮টা চাৰি আৰু ১টা ছয় কোবাই ।
ভাৰতৰ হৈ মহম্মদ ছামীয়ে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ জাডেজাই ২ টাকৈ উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াই ১টাকৈ উইকেট খল কৰে ।