আজি ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব । ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ । ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেল । এইখন ভাৰতীয় দলৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল । ইতিমধ্যে বাংলাদেশ আৰু পাকিস্তানক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই । এনে পৰিস্থিতিত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ মূল একাদশত পৰিৱৰ্তনৰ আশা কৰা হৈছে ? ইয়াৰ বাহিৰেও এদিনীয়া ফৰ্মেটত ভাৰত আৰু নিউজীলেণ্ডৰ হেড টু হেড ৰেকৰ্ড কেনেকুৱা ? দুয়োটা দলৰ ভিতৰত কোনটো দলৰ অভিলেখ ভাল ?
দুয়োটা দলৰ মাজত কাৰ পৰিসংখ্যা উন্নত ?
পৰিসংখ্যা অনুসৰি ভাৰত আৰু নিউজীলেণ্ড দলে এদিনীয়া ফৰ্মেটত ১১৮ বাৰ মুখামুখি হৈছে । য’ত ভাৰতে ৬০ বাৰ নিউজীলেণ্ডক পৰাস্ত কৰিছে । আনহাতে নিউজীলেণ্ডে ভাৰতৰ বিৰুদ্ধে ৫০টা জয় লাভ কৰিছে । ইয়াৰ বাহিৰেও দুয়োটা দলৰ মাজত ৭খন এদিনীয়া খেল কোনো ফলাফল নোহোৱাকৈয়ে সমাপ্ত হৈছে । লগতে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত এখন মেচ টাই হৈছিল । এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে যে এদিনীয়া ফৰ্মেটত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে আধিপত্য বিস্তাৰ কৰিছে ।
ভাৰতীয় দলৰ মূল একাদশ কি হ’ব ?
ভাৰতীয় দলটোৱে অধিনায়ক ৰোহিত শৰ্মাৰ অবিহনে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব পাৰে । ৰোহিত শৰ্মাৰ ঠাইত ঋষভ পন্টে হয়তো সুযোগ পাব পাৰে । ইয়াৰ বাহিৰেও বেগী বলাৰ মহম্মদ ছামীক জিৰণি দিয়াৰ সম্ভাৱনা আছে । মহম্মদ ছামীৰ ঠাইত অৰ্শদীপ সিঙক মূল একাদশত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে । যদি ৰোহিত শৰ্মাৰ ঠাইত ঋষভ পণ্টে সুযোগ পায়, তেন্তে শুভমন গীলৰ সৈতে কোন হ’ব অ’পেনাৰ ? যদি ৰোহিত শৰ্মাক জিৰণি দিয়া হয় তেন্তে কে এল ৰাহুলে শুভমন গীলৰ সৈতে অপেনিং কৰিব পাৰে । ইয়াৰ বাহিৰেও বেটিং ক্ৰমত আন পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা কম ।
ভাৰতীয় দলৰ সাম্ভাব্য মূল একাদশ-
কে এল ৰাহুল, শুভমন গীল (অধিনায়ক), বিৰাট কোহলী, ঋষভ পন্ট (উইকেটকীপাৰ), অক্ষৰ পেটেল, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰানা, অৰ্শদীপ সিং আৰু কুলদীপ যাদৱ ।