‘হাইব্ৰিড মডেল’ৰ অধীনত পাকিস্তানৰ তিনিখন চহৰ (ৰাৱালপিণ্ডি, কৰাচী আৰু লাহোৰ) আৰু ডুবাইত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ মেচ । একে সময়তে ১৯ ফেব্ৰুৱাৰীৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ কথা । কিন্তু এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতেই এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে । আচলতে এইবাৰ এই প্ৰতিযোগিতাৰ মূল আয়োজক পাকিস্তানৰ নাম ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত নাথাকিব ।
পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আই চি চি চেম্পিয়নছ ট্ৰফীত নতুন বিতৰ্কৰ সৃষ্টি হৈছে, য’ত টিম ইণ্ডিয়াৰ জাৰ্চিত ছপা ‘পাকিস্তান’ (আয়োজক দেশৰ নাম) শব্দটোৰ বিৰুদ্ধে ভাৰতে আপত্তি কৰা বুলি অভিযোগ উঠিছে । ভাৰতে ডুবাইত চেম্পিয়নছ ট্ৰফী মেচ খেলিব যদিও পাকিস্তান প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক আয়োজক হৈয়ে আছে ।
পি চি বিৰ এজন বিষয়াই এই বিষয়ত এটা সংবাদ সংস্থাৰ আগত যে, টিম ইণ্ডিয়াৰ জাৰ্চিত পাকিস্তানৰ নাম ছপা কৰোৱাক লৈ বি চি চি আইয়ে ‘ক্ৰিকেটত ৰাজনীতি’ কৰি আছে । ইয়াৰ পূৰ্বে ভাৰতীয় ব’ৰ্ডেও চেম্পিয়নছ ট্ৰফীৰ অধিনায়ক সভাত অধিনায়ক ৰোহিত শৰ্মাক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে ।
পি চি বিৰ এজন বিষয়াই কয় যে বি চি চি আইয়ে ক্ৰিকেটৰ ৰাজনীতি কৰি আছে, যিটো খেলৰ বাবে একেবাৰে ভাল নহয় । তেওঁলোকে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছে । তেওঁলোকে তেওঁলোকৰ অধিনায়কক পাকিস্তানত উদ্বোধনী অনুষ্ঠানৰ বাবে পঠিয়াব নিবিচাৰে, আৰু এতিয়া বাতৰি আহিছে যে তেওঁলোকে তেওঁলোকৰ জাৰ্চীত আয়োজক দেশৰ (পাকিস্তান) নাম প্ৰিণ্ট কৰিব নিবিচাৰে । আমি বিশ্বাস কৰোঁ যে আই চি চিয়ে ইয়াক অনুমতি নিদিব আৰু পাকিস্তানক সমৰ্থন কৰিব ।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিজৰ দলটো পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত, পাকিস্তান ক্ৰিকেট ব’ৰ্ড আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে হাইব্ৰিড মডেল গ্ৰহণ কৰে, কিন্তু জাৰ্চীত আয়োজকৰ নামক লৈ এতিয়া এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে ।
পি চি বিৰ শক্তিশালী জোৰ স্বত্বেও, বি চি চি আইয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াক পাকিস্তানলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত নিজৰ স্থিতি সলনি কৰা নাছিল । অৱশেষত, পাকিস্তান বোৰ্ডে ভাৰতৰ চৰ্তাৱলীত সন্মত হ’ব লগা হৈছিল, যদিও নতুন চুক্তিৰ অধীনত, পি চি বিয়ে ভৱিষ্যতে আই চি চি ইভেণ্টৰ বাবে নিজৰ দলটো ভাৰতলৈ প্ৰেৰণ নকৰিব ।
চেম্পিয়নছ ট্ৰফীলৈ এতিয়া প্ৰায় এমাহ বাকী আছে আৰু আকৌ এবাৰ এটা নতুন বিতৰ্ক শিৰোনামলৈ আহিছে । পাকিস্তানে এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীৰ বাবে নিজৰ দল ঘোষণা কৰা নাই, আনহাতে ভাৰতীয় দলটো ইতিমধ্যে ঘোষণা কৰা হৈছে ।