চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আজি অনুষ্ঠিত হোৱা মেচত বিস্ফোৰক শতক অৰ্জন কৰিছে পঞ্জাৱ কিংছৰ প্ৰিয়ংশ আৰ্যই । মাত্ৰ ৩৯টা বলত বিস্ফোৰক শতক সম্পূৰ্ণ কৰে খেলুৱৈদনে । ইয়াৰ লগে লগে তেওঁ আই পি এলৰ ইতিহাসত পঞ্জাৱৰ হৈ শতক অৰ্জন কৰা দ্বিতীয়জন দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হৈছে । ২৪ বছৰীয়া প্ৰিয়ংশে শতকীয় ইনিংছত ৭টা চাৰি আৰু ৯টা ছয় কোবাই । উল্লেখযোগ্য কথাটো হ’ল, শতক সম্পূৰ্ণ কৰাৰ সময়ত প্ৰিয়ংশে মাত্ৰ চাৰি আৰু ছয়ৰ পৰাই ৮২ ৰান কৰে ।
আই পি এলত দ্বিতীয় দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয়-
ইয়াৰোপৰি আই পি এলৰ ইতিহাসত দ্বিতীয়টো দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে প্ৰিয়ংশ আৰ্য । এই পৰ্যন্ত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হৈছে ২০১০ চনত ৩৭ বলত শতক সম্পূৰ্ণ কৰা ইউছুফ পাথান, আনহাতে প্ৰিয়ংশে ৩৯ বলত শতক সম্পূৰ্ণ কৰিছে । লগতে পঞ্জাৱ কিংছৰ হৈ শতক অৰ্জন কৰা দ্বিতীয় দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হৈছে তেওঁ । পঞ্জাৱৰ হৈ দ্ৰুততম শতক অৰ্জন কৰিছিল ২০১৩ চনত ডেভিদ মিলাৰে । আৰ চি বিৰ বিৰুদ্ধে খেলখনত ৩৮টা বলত শতক সম্পূৰ্ণ কৰিছিল তেওঁ ।
চি এছ কেৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰে প্ৰিয়ংশ আৰ্যই-
ৰবীন্দ্ৰ জাডেজাৰ বাহিৰে চেন্নাইৰ সকলো বলাৰেই ১০তকৈ অধিক ইকনমি ৰেটত ৰান দিছিল । ইয়াৰ বাহিৰেও প্ৰিয়ংশ ৪০টাতকৈও কম বলত শতক সম্পূৰ্ণ কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বিতীয়জন বেটছমেন আৰু বিশ্বৰ পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হৈছে ।
কোন হয় প্ৰিয়ংশ আৰ্য ?
২০০১ চনৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ ফতেহপুৰত জন্মগ্ৰহণ কৰিছিল প্ৰিয়ংশ আৰ্যই । তেওঁ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত দিল্লী দলৰ হৈ খেলে । তেওঁ প্ৰথমে স্বীকৃতি লাভ কৰিছিল যেতিয়া ঘৰুৱা ক্ৰিকেটত দক্ষিণ দিল্লী ছুপাৰষ্টাৰছৰ হৈ খেলি থকাৰ সময়ত উত্তৰ দিল্লী ষ্ট্ৰাইকাৰছৰ বিৰুদ্ধে এটা অভাৰত ছয়টা ছয় কোবাইছিল । সেই মেচখনত তেওঁ মাত্ৰ ৪০টা বলত শতক সম্পূৰ্ণ কৰিছিল ।
২০২৩-২৪ বৰ্ষৰ চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত তেওঁ দিল্লীৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল । উল্লেখ্য যে প্ৰিয়ংশে আই পি এল ২০২৪ৰ নিলামত নিজৰ নাম পঞ্জীয়ন কৰিছিল, কিন্তু সেই সময়ত তেওঁ বিক্ৰী নোহোৱাকৈয়ে আছিল । কিন্তু এইবাৰ পঞ্জাব কিংছে ৩.৮ কোটি টকাত কিনিলে তেওঁক ।