ভাৰতত চেটেলাইট ইণ্টাৰনেট সন্দৰ্ভত নতুন যুদ্ধৰ সূচনা হৈছে । ইলন মাস্ক আৰু এয়াৰটেল এটা গ্ৰুপত আছে আৰু ৰিলায়েন্স জিঅ’ক পৃথক কৰা হৈছে । ইয়াৰ কাৰণ হ’ল ভাৰতত চেটেলাইট ইণ্টাৰনেটৰ বাবে স্পেকট্ৰামৰ নিলাম হ’বলৈ যোৱা নাই । শেহতীয়াকৈ টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীৰ এক অনুষ্ঠানৰ সময়ত কয় যে স্পেকট্ৰাম ভাৰতীয় আইন অনুসৰি প্ৰশাসনিকভাৱে আবণ্টন কৰা হ’ব আৰু ইয়াৰ মূল্য টেলিকম নিয়ন্ত্ৰকে নিৰ্ধাৰণ কৰিব । এতিয়া জানো আহক চেটেলাইট ইন্টাৰনেট কি আৰু ই কেনেকৈ কাম কৰে ?
উপগ্ৰহ বা চেটেলাইট ইণ্টাৰনেট কি ?
উপগ্ৰহ ইন্টাৰনেট হৈছে এক প্ৰকাৰৰ ইণ্টাৰনেট সেৱা য’ত ইন্টাৰনেট সংযোগৰ বাবে চেটেলাইট ব্যৱহাৰ কৰা হয় । ই যিবোৰ অঞ্চলত পৰম্পৰাগত ব্ৰডবেণ্ড বা মোবাইল নেটৱৰ্ক সেৱা উপলব্ধ নহয়, যেনে দূৰৱৰ্তী গাঁও, পাহাৰীয়া অঞ্চল বা সামুদ্ৰিক অঞ্চলত ইণ্টাৰনেট সেৱা প্ৰদান কৰাত সহায় কৰে ।
চেটেলাইট ইণ্টাৰনেটে কেনেকৈ কাম কৰে ?
চেটেলাইট ইন্টাৰনেটৰ বাবে চেটেলাইট ডিচ আৰু মডেমৰ প্ৰয়োজন । যেতিয়া ব্যৱহাৰকাৰীয়ে ইণ্টাৰনেটৰ অনুৰোধ কৰে, যেনে ৱেবছাইট খোলা, তেতিয়া অনুৰোধটো প্ৰথমে চেটেলাইট ডিচৰ পৰা চেটেলাইটলৈ প্ৰেৰণ কৰা হয় । উপগ্ৰহটোৱে ব্যৱহাৰকাৰীৰ অনুৰোধ মাটিত অৱস্থিত নেটৱৰ্ক অপাৰেচন চেণ্টাৰ (এন অ’ চি)লৈ প্ৰেৰণ কৰে । এই কেন্দ্ৰটো ইণ্টাৰনেটৰ সৈতে সংযুক্ত । তাৰ পৰা প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি উপগ্ৰহৰ জৰিয়তে ব্যৱহাৰকাৰীৰ ডিভাইচলৈ ঘূৰাই পঠিওৱা হয় । উপগ্ৰহৰ দ্বাৰা প্ৰেৰণ কৰা তথ্য ব্যৱহাৰকাৰীৰ ডিচত গ্ৰহণ কৰা হয়, তাৰ পিছত মডেমে ইয়াক ডিকোড কৰি ব্যৱহাৰকাৰীৰ কম্পিউটাৰ বা অন্য ডিভাইচলৈ প্ৰেৰণ কৰে ।
উপগ্ৰহ ইণ্টাৰনেটৰ প্ৰধান অংশ-
গ্ৰাউণ্ড ষ্টেচন : এই ষ্টেচনসমূহে উপগ্ৰহলৈ তথ্য প্ৰেৰণ আৰু গ্ৰহণ কৰে আৰু ইয়াক এন অ’ চি বুলি কোৱা হয় ।
উপগ্ৰহ : উপগ্ৰহ বা চেটেলাইট পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয় আৰু ইয়াক দূৰসংযোগৰ বাবে ব্যৱহাৰ কৰা হয় ।
ব্যৱহাৰকাৰী যন্ত্ৰ (User Device)[i] : ব্যৱহাৰকাৰীৰ হাতত উপগ্ৰহৰ পৰা সংকেত প্ৰেৰণ আৰু গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় এটা চেটেলাইট ডিচ আৰু মডেম থাকে ।
চেটেলাইট ইন্টাৰনেটৰ সুবিধা-
দূৰৱৰ্তী অঞ্চলত সংযোগ : কেবল বা মোবাইল টাৱাৰৰ ব্যৱহাৰ নথকা অঞ্চলত ই ইণ্টাৰনেট সেৱা প্ৰদান কৰে ।
গতিশীলতা : আপুনি ইয়াক যিকোনো ঠাইতে চেটেলাইট সংকেত উপলব্ধ হ’লে ছেট আপ কৰিব পাৰে ।
চেটেলাইট ইণ্টাৰনেটৰ অসুবিধা-
বিলম্ব : সংকেতটো উপগ্ৰহলৈ যাবলৈ আৰু উভতি আহিবলৈ সময় লাগে, যাৰ ফলত তথ্য লাভ কৰোঁতে বিলম্ব বা পলম হব পাৰে ।
বতৰৰ ওপৰত প্ৰভাৱ : বেয়া বতৰ, যেনে বৰষুণ বা তুষাৰপাত, সংকেতৰ মানদণ্ডত প্ৰভাৱ পেলাব পাৰে ।