চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত দেওবাৰে দক্ষিণ আফ্ৰিকাই পাকিস্তানক ২ উইকেটত পৰাস্ত কৰে । চেঞ্চুৰিয়নত অনুষ্ঠিত হোৱা মেচখনত দক্ষিণ আফ্ৰিকাই ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে । এই জয়েৰে দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে দক্ষিণ আফ্ৰিকা ।
পাকিস্তানে প্ৰথম ইনিংছত ২১১ ৰান আৰু দ্বিতীয় ইনিংছত ২৩৭ ৰান সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৩০১ ৰান আৰু দ্বিতীয় ইনিংছত ১৫০ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ এইডেন মাৰ্ক্ৰামে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় । কাগিছ’ ৰাবাডাই নিজৰ উজ্জ্বল বেটিং প্ৰদৰ্শনেৰে দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় ।
Lord’s Cricket Ground, here we come!🏏🏟️😃
— Proteas Men (@ProteasMenCSA) December 29, 2024
The Proteas have secured their spot in the WTC Final next year, where we will face either Australia or India, as per the current rankings.🏆#WozaNawe #BePartOfIt #SAvPAK pic.twitter.com/FbB8LvtnJm
আছিল চেঞ্চুৰিয়ন টেষ্টত পাকিস্তানৰ প্ৰদৰ্শন-
পাকিস্তানে প্ৰথম ইনিংছত ২১১ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত বাবৰ আজম, শ্বান মাছুদকে ধৰি বহু খেলুৱৈয়ে শোচনীয় প্ৰদৰ্শন আগবঢ়াই । কামৰাণ গুলামে ৫৪ ৰানৰ ইনিংছ খেলে । দ্বিতীয় ইনিংছতো ২৩৭ ৰান সংগ্ৰহ কৰি দলটো অল আউট হয় । দ্বিতীয় ইনিংছত নিজৰ শক্তি প্ৰদৰ্শন কৰি ছাউদ শ্বাকিলে ৮৪ ৰান সংগ্ৰহ কৰে । বাবৰ আজমে ৫০ ৰানৰ ইনিংছ খেলে । ইয়াৰ বাহিৰে আন কোনোৱে বিশেষ কোনো প্ৰদৰ্শন কৰিব পৰা নাছিল ।
দক্ষিণ আফ্ৰিকাৰ হৈ শক্তি প্ৰদৰ্শন কৰিলে মাৰ্কৰাম-ৰাবাডাই-
প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই ৩০১ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত এইডেন মাৰ্ক্ৰামে ৮৯ ৰানৰ ইনিংছ খেলে । তেওঁ ১৫টা চাৰি কোবাই । একে সময়তে কৰ্বিন বছে ৮১ ৰানৰ অপৰাজিত ইনিংছ খেলে । লগতে ১৫টা চাৰিও কোবাই । দ্বিতীয় ইনিংছত ৯৯ ৰানৰ স্ক’ৰত ৮ উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই । কিন্তু কাগিছ’ ৰাবাডা আৰু মাৰ্কো জেন্সেনে দলটোক ৰক্ষা কৰে । ৰাবাডাই অপৰাজিত ৩১ ৰান সংগ্ৰহ কৰে । আনহাতে জেন্সেন ১৬ ৰানত অপৰাজিত হৈ থাকে । এইদৰে দক্ষিণ আফ্ৰিকাই ২ উইকেটত জয়লাভ কৰে । লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো প্ৰৱেশ কৰে দক্ষিণ আফ্ৰিকাই ।