স্পেইনৰ পূব অঞ্চল, ভেলেন্সিয়াত হোৱা মুষলধাৰ বৰষুণে চাৰিওফালে বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে । ফলত স্পেইনৰ পৰিস্থিতিৰ যথেষ্ট অৱনতি হোৱা দেখা গৈছে আৰু ইয়াৰ বাবে, মানুহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । মুষলধাৰ বৰষুণৰ বাবে মানুহৰ বাবে ঘৰৰ পৰা ওলাই অহাটো কঠিন হৈ পৰিছে । কেৱল এয়াই নহয়, বানৰ ফলত, অট্টালিকাবোৰো প্লাবিত হৈছে । বাহনবোৰ উটি গৈছে আৰু বহুলোক সন্ধানহীন হৈছে ।
মুষলধাৰ বৰষুণৰ ফলত হোৱা আকস্মিক বানৰ পিছত জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰিছে । চৰকাৰে বুধবাৰে ইয়াৰ তথ্য দিছিল ।
মঙলবাৰে, পূৱ আৰু দক্ষিণ স্পেইনত মুষলধাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয় । ফলত ৰে’ল আৰু বিমান যাত্ৰা ব্যাহত হয় । ইতিমধ্যে ভয়ংকৰ বানৰ দৃশ্য সামাজিক মাধ্যমৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বিয়পি পৰিছে ।
স্পেইনৰ কেন্দ্ৰীয় চৰকাৰে সংকট কমিটী গঠন কৰিছে যিয়ে যোৱা মঙলবাৰে প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হৈ এই দুৰ্যোগৰ প্ৰতি কেনেদৰে সঁহাৰি জনাব পাৰি সেই বিষয়ে আলোচনা কৰে । প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে টুইটাৰযোগে লিখিছে, ‘মই শেহতীয়া ঘণ্টাত নিৰুদ্দেশ হোৱা লোক আৰু ক্ষয়-ক্ষতিৰ বাতৰি উদ্বেগেৰে অনুসৰণ কৰি আছো ।‘ তেওঁ লোকসকলক বিষয়াসকলৰ পৰামৰ্শ মানি চলিবলৈ আহ্বান জনায় । তেওঁ কয়, “আপোনালোক সকলোৱে সাৱধান হওক আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকক ।”
ভেলেন্সিয়া চিটি হলৰ মতে বুধবাৰে বিদ্যালয়ৰ সকলো শ্ৰেণী আৰু ক্ৰীড়া অনুষ্ঠান পিছুৱাই দিয়া হৈছে আৰু উদ্যানসমূহো বন্ধ থাকিব । স্পেইনৰ বিমানবন্দৰ অপাৰেটৰ এনাই জনোৱা মতে, প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বতাহৰ বাবে ভেলেন্সিয়া বিমানবন্দৰত অৱতৰণ কৰা ১২খন বিমান স্পেইনৰ অন্যান্য চহৰলৈ ডাইভাৰ্ট কৰা হৈছে ।