সকলোৰে ঘৰত নিশ্চিতভাৱে এখন চাহ চকা ছাকনী আছে। ৰাতিপুৱা, সন্ধিয়া আৰু দিনত কিমান বাৰ ছাকনীখন ব্যৱহাৰ কৰা হয় নাজানে।
যিসকলে যথেষ্ট সোৱাদৰ সৈতে ছাকনীৰে চকা উতলা চাহ খায় তেওঁলোকে সাৱধান হোৱা উচিত।যদি চাহ চকা ছাকনীখন লেতেৰা আৰু ক’লা হয়, তেন্তে ইয়াত ক্ষতিকাৰক বীজাণু উৎপন্ন হ’ব পাৰে।
যি আপোনাক ৰুগীয়া কৰিব পাৰে। গতিকে আপোনাৰ চাহৰ ছাকনীখন ভালদৰে পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব। কাৰণ আমাৰ স্বাস্থ্যৰ সৈতে ইয়াৰ পোনপটীয়া সম্পৰ্ক আছে।
ছাকনীখনত সূক্ষ্ম সূক্ষ্ম ছিদ্ৰ থাকে। চাহ পাতৰ সৰু কণাবোৰ এই ছিদ্ৰবোৰত আৱদ্ধ হৈ পৰে। যদি ছাকনীখন সঠিকভাৱে পৰিষ্কাৰ কৰা নহয়, এই কণাবোৰ লাহে লাহে জমা হ’বলৈ আৰম্ভ কৰে আৰু তাৰ পিছত সেইবোৰ পৰিষ্কাৰ কৰা কঠিন হৈ পৰে।
ভেঁকুৰ আৰু বেক্টেৰিয়া এই লেতেৰাত বিকশিত হ’বলৈ আৰম্ভ কৰে।যিয়ে চাহ চেকোতে পেটৰ ভিতৰলৈ গৈ সংক্ৰমণ সৃষ্টি কৰিব পাৰে।
চাহৰ ছাকনীখন কেনেদৰে পৰিষ্কাৰ কৰিব-
প্ৰথম উপায়-সৰ্বশ্ৰেষ্ঠ উপায় হৈছে চাহৰ ছাকনীখন গৰম পানী আৰু ভিনেগাৰত তিয়াই থব আৰু তাৰ পিছত পুৰণি টুথব্ৰাছৰে ঘঁহি ১৫-২০ মিনিটৰ পিছত পৰিষ্কাৰ পানীৰে ধুই দিয়ক। ভিনেগাৰে ছাকনীত লাগি থকা বেক্টেৰিয়াবোৰ ধ্বংস কৰি ছাকনীখন পৰিষ্কাৰ কৰিব।
দ্বিতীয় উপায়-ছাকনীখন পৰিষ্কাৰ কৰাৰ আন এটা উপায় হ’ল বেকিং চডা আৰু নেমু। প্ৰথমে ছাকনীখনত কিছু বেকিং চডা ছটিয়াই দিয়ক। এতিয়া তাত নেমুৰ ৰস চেপি দিয়ক। ইয়াৰ পিছত চাবোনেৰে ব্ৰাছৰ সহায়ত ছাকনীখন পৰিষ্কাৰ কৰক।
তৃতীয় উপায়- তৃতীয় আৰু আটাইতকৈ সহজ উপায় টো হ’ল যদি আপোনাৰ ছাকনীখন ষ্টীলৰ হয়, তেন্তে ইয়াক অলপ সময়ৰ বাবে জুইত ৰাখিব। তেতিয়া তাত থকা সকলো চাহৰপাত আৰু বীজাণু জ্বলি যাব। এনে কৰোতে, ছাকনীখনৰ পৰা ধোঁৱা ওলাই আহিব। যেতিয়া ছাকনীখনৰ ধোঁৱা কমিব আৰু ঠাণ্ডা হ’বলৈ দিয়ক। এতিয়া ব্ৰাছ আৰু স্ক্ৰাবাৰৰ সহায়ত ইয়াক পৰিষ্কাৰ কৰক।ছাকনীখন অতি পৰিষ্কাৰ হ’ব।