চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা । শনিবাৰে নিশা চামগুৰি সমষ্টিৰ কাছখাইটিত হিংসাত্মক ঘটনা। আক্ৰমণৰ বলি হ’ল সক্ৰিয় বিজেপি কৰ্মী।জানিব পৰা মতে নিশা কাছখাইটি বজাৰৰ পৰা মটৰ চাইকেলেৰে ঘৰলৈ যোৱা পথত হঠাৎ আক্ৰমণ কৰে বিজেপি কৰ্মী গৰাকীক। অচিনাক্ত লোকৰ প্ৰহাৰত গুৰুত্বৰ বাবে আঁহত বিজেপি কৰ্মী আকবৰ আলী।আহত বিজেপি কৰ্মী আকবৰ আলীক নিশাই কাৱৈমাৰী হস্পিতাল লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
