মুম্বাইৰ গোৰাই সাগৰৰ পাৰত উদ্ধাৰ হৈছে মৃতদেহৰ ৭ টা টুকুৰা যাৰ ফলত অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে মৃতদেহটো এটা প্লাষ্টিকৰ মোনাত উদ্ধাৰ কৰিছিল।
মৃতদেহটোৰ বিষয়ে তথ্য পোৱাৰ পিছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ।
প্ৰাপ্ত তথ্য অনুসৰি, গোৰাই আৰক্ষীয়ে মুম্বাইৰ বাবৰপাডা অঞ্চলত অৱস্থিত শেফালী গাঁৱৰ পৰা মৃতদেহটো উদ্ধাৰ কৰিছে আৰু ফৰেনচিক দলে বৰ্তমান ঘটনাটোৰ তদন্ত কৰি
আৰক্ষীয়ে কৈছিল যে মৃতদেহটো টুকুৰা টুকুৰ কৰি এটা বস্তাৰ ভিতৰত সোমোৱাই থৈছিল । মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।