আমেৰিকাৰ হোৱাইট হাউচত উদযাপন কৰা হয় দীপাৱলী সমাৰোহ । এই উপলক্ষে মহাকাশৰ পৰা সুনীতা উইলিয়ামছৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বক দীপাৱলীৰ শুভেচ্ছা জনায় । সমগ্ৰ হোৱাইট হাউছ চাকিৰে সজাই তোলা হৈছে । এই অনুষ্ঠানত ভাৰতীয় মূলৰ আমেৰিকানসকলে পৰম্পৰাগত সাজ-পোচাক পিন্ধি উপস্থিত হোৱাইট হাউচত উপস্থিত হয় । অনুষ্ঠানত সকলোৱে ইজনে সিজনক উৎসৱৰ শুভেচ্ছা জনাই ।
ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা দীপাৱলীৰ শুভেচ্ছা জনায় । তেওঁ কয়-“আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা দীপাৱলীৰ শুভেচ্ছা । মই আজি হোৱাইট হাউচ আৰু সমগ্ৰ বিশ্বত দীপাৱলী উদযাপন কৰা সকলোকে শুভেচ্ছা জনাইছো ।” তেওঁ কয় যে এইবাৰ মই পৃথিৱীৰ পৰা ২৬০ মাইল ওপৰৰ আই এছ এছত দীপাৱলী উদযাপনৰ এক অনন্য সুযোগ পাইছো । দেউতাই আমাক দীপাৱলী আৰু অন্যান্য ভাৰতীয় উৎসৱৰ বিষয়ে শিকাই নিজৰ সাংস্কৃতিক শিপা বজাই ৰাখিছিল আৰু ভাগ কৰিছিল । তেওঁ কৈছিল যে দেৱালী হৈছে আনন্দৰ সময় যিহেতু পৃথিৱীত মংগলময়তা বিৰাজ কৰে । আজি আমাৰ সম্প্ৰদায়ৰ সৈতে দীপাৱলী উদযাপন কৰাৰ লগতে আমাৰ সমাজৰ বহু অৱদানক স্বীকৃতি দিয়াৰ বাবে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিলৈ ধন্যবাদ ।
এই কাৰ্যসূচীত ছশৰো অধিক বিশিষ্ট ভাৰতীয় মূলৰ আমেৰিকান নাগৰিকে অংশগ্ৰহণ কৰে । ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে দক্ষিণ এছিয়ান আমেৰিকান সম্প্ৰদায়ে আমেৰিকাৰ জীৱনৰ প্ৰতিটো অংশক সমৃদ্ধ কৰিছে । আপোনালোকৰ সম্প্ৰদায়টোৱেই হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা আৰু সংযুক্ত সম্প্ৰদায় । তেওঁ কয় যে এতিয়া হোৱাইট হাউছত মুকলিকৈ আৰু গৌৰৱেৰে দীপাৱলী উদযাপন কৰা হৈছে । এইখন মোৰ ঘৰ নহয়, এয়া আপোনাৰ ঘৰ । আজি আমি এটা টাৰ্নিং পইণ্টৰ সন্মুখীন হৈছো । কেইটামান প্ৰজন্মৰ মূৰে মূৰে এবাৰ আমাক সোঁৱৰাই দিয়া হয় যে আমেৰিকাৰ ধাৰণাটোক সহজভাৱে ল’ব নালাগে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমেৰিকাৰ গণতন্ত্ৰ কেতিয়াও সহজ নাছিল ।
২০১৬ চনত হোৱাইট হাউছত অনুষ্ঠিত হোৱা প্ৰথমটো দীপাৱলী উদযাপনৰ কথা মনত পেলাই বাইডেনে কয় যে ‘দক্ষিণ এছিয়ান আমেৰিকানকে ধৰি অনুপ্ৰৱেশকাৰীৰ প্ৰতি ঘৃণা আৰু শত্ৰুতাৰ এক ক’লা ডাৱৰ’ ২০২৪ চনত পুনৰ দেখা গৈছে । আমেৰিকাই আমাক আমাৰ শক্তিৰ কথা মনত পেলাই দিয়ে আৰু আমি সকলোৱেই পোহৰ হ’ব লাগিব ।