বৰ্তমান সময়ত বিয়াৰ বহুতো হাস্যকৰ ভিডিঅ’ দেখিবলৈ পোৱা যায়। তেনে এক ভিডিঅ’ই সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে এখন বিবাহ অনুষ্ঠানত সকলোৱে দৰা কইনাৰ বৰমালা ৰ বাবে থিয় হৈছে। তেনে সময়তে মঞ্চত এগৰাকী যুৱতী উপস্থিত হয়। হঠাৎ যুৱতী গৰাকীয়ে দৰাজনক লাঠ মাৰি দিয়ে।

যাৰ ফলত দৰাজন হৈ মাটিত বাগৰি পৰে। তাৰ পিছতেই সকলোৰে মাজত হাহাকাৰ সৃষ্টি হয়। লগে লগে কেইজন মান লোকে দৰাজনক বচাবলৈ চেষ্টা কৰে। দৰাচলতে সেই যুৱতী গৰাকী আছিল দৰাজনৰ প্ৰেমিকা।
প্ৰেমিকাক ঠগন দি অন্য এগৰাকী যুৱতীক বিয়া কৰাবলৈ আহিছিল যুৱকজনে। পিছে প্ৰেমিকৰ সেই কথা জানিব পাৰি বিয়া ঘৰত উপস্থিত হ’ল প্ৰেমিকা। তাৰ পিছত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। সামাজিক মাধ্যমত ইতিমধ্যে ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।