নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচনে চন্দ্ৰত পানী চিনাক্ত কৰিবলৈ এটা উপগ্ৰহ উৎক্ষেপণ কৰিছে । ২৬ ফেব্ৰুৱাৰী, বুধবাৰে ফ্লৰিডাৰ পৰা নাছাৰ ডিচৱাচাৰ আকাৰৰ উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰা হয় । ই চন্দ্ৰপৃষ্ঠত পানী ক’ত অৱস্থিত সেইটো নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিব, যি চন্দ্ৰ অভিযানৰ বাবে এক মূল্যৱান সম্পদ ।
কেপ কানাভেৰালৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা নাছাৰ লুনাৰ ট্ৰেইলব্লেজাৰ অৰ্বিটাৰ লৈ উৰা মাৰে স্পেচএক্স ফেলকন ৯ ৰকেট । লকহিড মাৰ্টিনৰ এল এম টি এন মহাকাশ বিভাগে নিৰ্মাণ কৰিছে লুনাৰ ট্ৰেইলব্লেজাৰ মহাকাশযান । উপগ্ৰহটো ৰকেটটোৰ গৌণ পেলোড আছিল, প্ৰাথমিক পেলোড আছিল ইনটুইটিভ মেচিনছ LUNR.Oৰ নেতৃত্বত চলা চন্দ্ৰ লেণ্ডাৰ অভিযান ।
চন্দ্ৰত পানীৰ আনুমানিক হিচাপ-
চন্দ্ৰৰ পৃষ্ঠ প্ৰায়ে শুকান বুলি গণ্য কৰা হয়, কিন্তু শেহতীয়া দিনবোৰত পানীৰ কিছু উপস্থিতি পোৱা গৈছে, আনকি সূৰ্যৰ পোহৰথকা এলেকাতো । চন্দ্ৰমেৰুৰ ঠাণ্ডা আৰু স্থায়ীভাৱে ছাঁ থকা অঞ্চলবোৰত, দীৰ্ঘদিন ধৰি অনুমান কৰা হৈছে যে যথেষ্ট পৰিমাণৰ পানীৰ বৰফ থাকিব পাৰে ।
লুনাৰ ট্ৰেলব্লেজাৰৰ ওজন প্ৰায় ৪৪০ পাউণ্ড (২০০ কিলোগ্ৰাম) আৰু ইয়াৰ সৌৰ পেনেলবোৰ সম্পূৰ্ণৰূপে স্থাপন কৰাৰ সময়ত ইয়াৰ প্ৰস্থ প্ৰায় ১১.৫ ফুট (৩.৫ মিটাৰ) হয় । পানী বিচাৰিবলৈ আৰু মানচিত্ৰ তৈয়াৰ কৰিবলৈ ইয়াক চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ কৰা হৈছে । আগন্তুক দিনত, চন্দ্ৰৰ পানী চন্দ্ৰ অন্বেষণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব, কিয়নো ইয়াক কেৱল খোৱাৰ বাবেই নহয়, ৰকেটৰ বাবে অক্সিজেন আৰু হাইড্ৰজেন ইন্ধন হিচাপেও ব্যৱহাৰ কৰিব পাৰি ।