ইতিহাস সৃষ্টিৰে প্ৰথমবাৰৰ বাবে ভাৰতত শৃংখলা দখল কৰিলে নিউজীলেণ্ডে । পুণেত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত ভাৰতক বিশাল ব্যৱধানত পৰাস্ত কৰি এই অভিলেখ গঢ়ে কিৱি দলে ।
ভাৰত আৰু নিউজীলেণ্ডৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । এই টেষ্টখনত ভাৰতীয় দলটোৱে ১১৩ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে । ভাৰতীয় দলটোৱে জয়ী হ’বলৈ ৩৫৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল । কিন্তু বেটিং ব্যৰ্থতাৰ বাবে পুনে টেষ্টত পৰাজয়ৰ লগে লগে শৃংখলাও হেৰুৱাব লগা হয় ৰোহিত বাহিনীয়ে । ইয়াৰ লগে লগে ভাৰতীয় ভূমিত টেষ্ট শৃংখলাত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হৈছে নিউজিলেণ্ডে ।

উল্লেখ্য যে, নিউজীলেণ্ডৰ দলটোৱে এই খেলপথাৰত তেওঁলোকৰ প্ৰথম টেষ্ট খেলিছিল । চলিত শৃংখলাৰ প্ৰথমখন খেল ১৬ অক্টোবৰৰ পৰা বেংগালুৰুত অনুষ্ঠিত হৈছিল, য’ত ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটো ৮ উইকেটত পৰাজিত হৈছিল । প্ৰথম টেষ্টত জয়লাভ কৰি কিৱি দলে শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰে । এতিয়া দলটোৱে পুনে টেষ্টতো জয়লাভ কৰি, শৃংকৃখলা দখলেৰে ইতিহাস সৃষ্টি কৰিছে ।
ভাৰতৰ দ্বিতীয় ইনিংছঃ ছেন্টনাৰৰ ৬টা উইকেট-
ভাৰতে দ্বিতীয় ইনিংছত ৩৫৯ ৰাণৰ লক্ষ্য অনুসৰণৰ বাবে খেলপথাৰত নামিছিল । আৰম্ভণি দৃঢ় আছিল যদিও ৰোহিত শৰ্মাই মাত্ৰ ৮ ৰাণ সংগ্ৰহ কৰি মিচেল ছেণ্টনাৰৰ বলত পেভিলিয়নমুখী হয় । সেই সময়ত ভাৰতীয় দলৰ স্ক’ৰ আছিল ৩৪ ৰাণ । গীলে সতৰ্কতাৰে খেলি আছিল যদিও লাঞ্চ ব্ৰেকৰ পিছত তেওঁ অধিক সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰিলে । গীলে ২৩ ৰাণ সংগ্ৰহ কৰি ছেণ্টনাৰৰ স্পীনত ধৰাশায়ী হয় ।
ইফালে যশস্বী জয়ছোৱালে দ্বিতীয় ইনিংছত ক্ৰীজত খোপনি পুতি ৪১ টা বলত তেওঁৰ অৰ্ধশতক সম্পূৰ্ণ কৰে, যিটো নিউজীলেণ্ডৰ বিৰুদ্ধে কোনো ভাৰতীয়ৰ দ্ৰুততম অৰ্ধশতক আছিল । জয়ছোৱালে ধৈৰ্য সহকাৰে দলক জয়ৰ দিশত আগুৱাই নিয়াৰ চেষ্টা কৰিছিল যদিও ছেণ্টনাৰৰ বলত ৭৭ ৰাণত বিদায় লয় বেটছমেন জনে ।
ইয়াৰ পিছতে, পণ্ট (০) দলীয় ১২৭ ৰাণত ৰাণ আউট হয় । কোহলীয়ে (১৭) এটা ডাঙৰ ইনিংছ খেলিব বুলি আশা কৰা হৈছিল যদিও সকলোকে নিৰাশ কৰি ছেণ্টনাৰৰ বলত এল বি ডব্লিউ হয় অভিজ্ঞ বেটছমেনজন । কোহলীৰ উইকেট পতনৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ১৪৭/৫ । ইয়াৰ পিছত, ছেণ্টনাৰৰ স্পীনৰ চিকাৰ হয় বিস্ফোৰক বেটছমেন চৰফৰাজ খান (৯) ।
ভাৰতৰ সপ্তম উইকেটটো ৱাশ্বিংটন সুন্দৰৰ (২১) ৰূপত পতন ঘটে । সুন্দৰৰ উইকেট পতনৰ সময়ত ভাৰতীয় দলৰ স্ক’ৰ ১৬৭/৭ । ইয়াৰ পিছত জাডেজা আৰু অশ্বিনে ভাৰতীয় ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে যদিও অশ্বিনে (১৮)সংগ্ৰহ কৰি মিচেল ছেণ্টনাৰৰ বলি হয় । দ্বিতীয় ইনিংছত এয়া ভাৰতীয় দলৰ অষ্টম উইকেট আৰু মেচখনত ছেন্টনাৰৰ ত্ৰয়োদশ উইকেট । তাৰ পাছত আকাশ দীপক আউট কৰি ভাৰতক নৱমটো আঘাত দিয়ে এজাজ পেটেলে । ইয়াৰ লগে লগে ভাৰত ১১৩ ৰাণৰ ব্যৱধানত পৰাস্ত হয় ।