কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ পৰা এটা ডাঙৰ খবৰ আহিছে। কৰ্ণাটকৰ প্ৰাক্তন ডিজিপি ওম প্ৰকাশক বেংগালুৰুত হত্যা কৰা হৈছে ।প্ৰাক্তন ডিজিপি গৰাকীৰ পত্নীয়ে তেওঁক ছুৰীৰে হানি খুছি হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
অৱশ্যে আৰক্ষীয়ে এতিয়াও বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।উল্লেখ্য যে প্ৰাক্তন ডিজিপি ওম প্ৰকাশৰ মৃতদেহ বেংগালুৰুৰ এইচ এছ আৰ লেআউটত থকা তেওঁৰ ঘৰত উদ্ধাৰ কৰা হৈছে।
ঘটনাৰ সময়ত কেৱল তেওঁৰ পত্নী আৰু কন্যা ঘৰত উপস্থিত আছিল।ঘটনাটোৰ পিছত পত্নীয়েই ফোন কৰি এই বিষয়ে আৰক্ষীক অৱগত কৰিছিল।
ঘটনাৰ পাছতে আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ১৯৮১ চনৰ বেটচৰ আই পি এছ বিষয়া ওম প্ৰকাশ ২০১৫ চনত ৰাজ্যৰ ৩৮ সংখ্যক ডি জি হৈছিল ওম প্ৰকাশ।
প্ৰাক্তন ডিজিপিগৰাকীৰ পত্নীয়ে জনোৱা মতে, মূলতঃ বিহাৰৰ চম্পাৰণৰ আই পি এছ ওম প্ৰকাশে অৱসৰৰ পিছত পৰিয়ালৰ সৈতে বাংগালুৰুত বাস কৰি আছিল।
জানিব পৰা মতে, প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ পত্নী মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু মানসিক অশান্তিত ভুগিয়ে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰে।
বৰ্তমান আৰক্ষীয়ে পত্নীক জেৰা কৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।