নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত হোৱাইট ৱাশ্বৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া । ৱাংখেড়েত অনুষ্ঠিত হোৱা তৃতীয় তথা অন্তিমখন টেষ্টত ভাৰতক ২৫ ৰাণত পৰাস্ত কৰি ক্লীন ছুইপ কৰে । নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত পৰাজয়ৰ লগে লগে, ১২ বছৰৰ পাছত ঘৰুৱা মাটিত টেষ্ট শৃংখলাত পৰাস্ত হৈছে টিম ইণ্ডিয়া । এতিয়া নিউজীলেণ্ডৰ বিৰুদ্ধে ক্লীন ছুইপ হোৱাৰ পিছত বিপদত পৰিছে ভাৰতীয় দল । গতিকে ঘৰুৱা টেষ্ট শৃংখলাত শেষবাৰৰ বাবে ভাৰতীয় দলটো কেতিয়া ক্লীন ছুইপৰ সন্মুখীন হৈছিল জানি লওক ।
টিম ইণ্ডিয়াই শেষবাৰৰ বাবে ঘৰুৱা টেষ্ট শৃংখলাত ক্লীন ছুইপৰ সন্মুখীন হৈছিল ২০০০ চনত অৰ্থাৎ প্ৰায় ২৪ বছৰ পূৰ্বে, যেতিয়া টিম ইণ্ডিয়াৰ বৰ্তমানৰ কোনো খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাব পৰা নাছিল । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ভাৰতে এই ক্লীন ছুইপৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
২০০০ চনত ঘৰুৱা টেষ্ট শৃংখলাত হান্সি ক্ৰ’নিয়েৰ অধিনায়কত্বত থকা দক্ষিণ আফ্ৰিকাই শচীন টেণ্ডুলকাৰৰ অধিনায়কত্বত থকা টিম ইণ্ডিয়াক ২-০ ব্যৱধানত পৰাস্ত কৰিছিল । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন টেষ্টত আফ্ৰিকাই ভাৰতক ৪ উইকেটত পৰাস্ত কৰিছিল ।
ইয়াৰ পিছত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা শৃংখলাৰ দ্বিতীয় আৰু অন্তিমখন টেষ্টত দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে এক ইনিংছ আৰু ৭১ ৰাণত জয়লাভ কৰি শৃংখলা দখল কৰিছিল ।