ভাৰতৰ হিন্দু ধৰ্মালম্বী লোকৰ ঘৰ আৰু আয়ুৰ্বেদত তুলসীৰ এক বিশেষ স্থান আছে।হিন্দুসকলে তুলসীক পবিত্ৰ জ্ঞান কৰি পূজা-অৰ্চনা কৰে।তুলসীপাতত ভিটামিন এ, চি, কে আৰু কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, লো আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে।তুলসীত যথেষ্ট পৰিমাণে প্ৰ’টিন আৰু আঁহ আছে।তুলসীৰ বহু উপকাৰী গুণ আছে।অজস্ৰ স্বাস্থ্য লাভালাভৰ বাবে তুলসীক ‘বনৌষধিৰ ৰাণী’ বুলি কোৱা হয়।আজি জানো আহক পবিত্ৰ তুলসীৰ ঔষধী গুণ-
জ্বৰ-বিষ দূৰ কৰে
তুলসীত থকা এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ভাইৰেল গুণে জ্বৰ হোৱাৰ পৰা শৰীৰটোক সুৰক্ষা দিয়ে।ক’লা জালুকৰ গুৰিৰ সৈতে তুলসীৰ সতেজ ৰস সেৱন কৰিলে জ্বৰ নিৰাময় হয়।তুলসীৰ পাত পানীত উতলাই ইলাছিৰ গুৰিৰ সৈতে খালে শৰীৰৰ উষ্ণতা হ্ৰাস কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক
তুলসী ভিটামিন চি আৰু জিংক সমৃদ্ধ।তুলসীয়ে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক হিচাপে কাম কৰে।তুলসীত অপৰিসীম এণ্টি-বেক্টেৰিয়া, এণ্টি-ভাইৰেল আৰু এণ্টি-ফাংগাল গুণ আছে যিয়ে আমাক বিভিন্ন সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে।
কৰ্কট ৰোধী গুণাগুণ
তুলসীত থকা ফাইটোকেমিকেলবোৰৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট গুণ আছে।এইবোৰে আমাক ছাল, যকৃত, মুখআৰু হাঁওফাঁওৰ কৰ্কটৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল
তুলসীয়ে তেজৰ লিপিডৰ পৰিমাণৰ লগতে ইস্কিমিয়া আৰু ষ্ট্ৰ’ক দমন কৰি উচ্চ ৰক্তচাপ হ্ৰাস কৰি।উচ্চ এণ্টিঅক্সিডেণ্ট গুণাগুণৰ বাবে তুলসীয়ে কাৰ্ডিওভাস্কুলাৰ ৰোগৰ চিকিৎসা তথা প্ৰতিৰোধত গভীৰ প্ৰভাৱ পেলায়।
মধুমেহ ৰোগত উপকাৰী
তুলসীপাতৰ ৰসে টাইপ ২ ডায়বেটিচ থকা ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে।
বৃক্কৰ পাথৰ,গাউটি আৰ্থ্ৰাইটিছত উপযোগী
তুলসীয়ে শৰীৰক বিষমুক্ত কৰাৰ লগতে ইয়াৰ মূত্ৰনাশক গুণাগুণ আছে। ই শৰীৰত ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰে, যি হৈছে বৃক্কৰ পাথৰ সৃষ্টি হোৱাৰ মূল কাৰণ।
ছাল-চুলিৰ বাবে ভাল
তুলসীয়ে দাগ আৰু শালমইনাৰ ছাল পৰিষ্কাৰ কৰাত সহায় কৰে। ই এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ।তুলসীয়ে অকাল বার্ধক্য প্ৰতিৰোধ কৰাতো সহায় কৰে।তুলসীয়ে আমাৰ চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি সৰা তথা উফিৰ সমস্যা দূৰ কৰে।
(এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে । বাতৰিটো পঢ়ি নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)