ডেৰন এচেম’গ্লু, চাইমন জনছন আৰু জেমছ ৰবিনছনে লাভ কৰিছে ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা । প্ৰতিষ্ঠানবোৰ কেনেদৰে গঠন কৰা হয় আৰু সেইবোৰে মানুহৰ কল্যাণক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে কৰা গৱেষণাৰ বাবে তেওঁলোকে এই বঁটা লাভ কৰিছে । গৱেষণাই দেখুৱাইছে যে ভাল চৰকাৰ আৰু আইনৰ শাসনৰ দৰে শক্তিশালী আৰু নিৰপেক্ষ প্ৰতিষ্ঠানবোৰে মানুহৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায় ।
নোবেল বঁটা কমিটীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে কয় যে প্ৰতিষ্ঠান গঠন আৰু পৰিৱৰ্তনৰ পৰিস্থিতিৰ ব্যাখ্যাৰ বাবে তিনিটা কাৰকৰ ওপৰত ভিত্তি কৰি বঁটা বিজয়ীৰ আৰ্হি নিৰ্মাণ কৰা হৈছে । প্ৰথমটো হ’ল সমাজত (অভিজাত বা ৰাজহুৱা) সম্পদৰ বিতৰণ আৰু সিদ্ধান্ত গ্ৰহণ ক্ষমতাক লৈ সংঘাত ।
কমিটীয়ে আৰু কয়, ‘দ্বিতীয়টো হ’ল জনসাধাৰণে কেতিয়াবা ক্ষমতা প্ৰয়োগ কৰাৰ সুযোগ পায় । শাসক শ্ৰেণীক সংগঠিত কৰি ভাবুকি দি এই কাম কৰিব পাৰে; গতিকে সমাজত ক্ষমতা কেৱল সিদ্ধান্ত লোৱাৰ শক্তিতকৈ বহুত বেছি । অৰ্থাৎ তৃতীয়টো হ’ল প্ৰতিশ্ৰুতিৰ সমস্যা, যাৰ অৰ্থ হৈছে অভিজাত সকলৰ জনসাধাৰণক সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰাৰ বাহিৰে কোনো উপায় নাই ।’
এই বঁটাটোক আনুষ্ঠানিকভাৱে ‘বেংক অৱ ছুইডেন প্ৰাইজ ইন ইকনমিক ছায়েন্স ইন মেম’ৰী অৱ আলফ্ৰেড নোবেল’ বুলি জনা যায় । ১৯ শতিকাৰ ছুইডেনৰ ব্যৱসায়ী তথা ৰসায়নবিদ নোবেলৰ স্মৃতিত কেন্দ্ৰীয় বেংকে ইয়াক প্ৰতিষ্ঠা কৰিছিল । নোবেলে ডাইনামাইট আৱিষ্কাৰ কৰি পাঁচটা নোবেল বঁটা প্ৰতিষ্ঠা কৰে । ১৯৬৯ চনত ৰাগনাৰ ফ্ৰিচ আৰু জান টিনবাৰ্গেনক ইয়াৰ প্ৰথম বিজয়ী হিচাপে ঘোষণা কৰা হয় ।