ঘূৰ্ণীবতাহ ডানা সন্দৰ্ভত হাই এলাৰ্টত আছে ওড়িশা আৰু বংগ চৰকাৰ । কেন্দ্ৰীয় চৰকাৰেও অহৰহ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে । ২৫ অক্টোবৰত ওড়িশাৰ পুৰী আৰু বংগৰ সাগৰ জিলাত খুন্দিওৱাৰ সম্ভাৱনা আছে ঘূৰ্ণীবতাহৰ ধুমুহা ডানাই । এই সময়ছোৱাত ধুমুহাৰ প্ৰভাৱৰ বাবে ঘণ্টাত ১২০ কিলোমিটাৰ বেগত বতাহ বলিব আৰু প্ৰবল বৰষুণৰ সম্ভাৱনা আছে ।
২৪ অক্টোবৰৰ নিশাৰ পৰা ২৫ অক্টোবৰৰ পুৱালৈকে পুৰীৰ উপকূলত খুন্দা মাৰিব পাৰে-
বংগ উপসাগৰত গঠন হোৱা নিম্ন চাপৰ অঞ্চল এতিয়া ঘূৰ্ণীবতাহ ডানালৈ ৰূপান্তৰিত হৈছে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে । এই ঘূৰ্ণীবতাহ পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে । বুধবাৰে পুৱা ই ওড়িশাৰ পাৰাদ্বীপৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ দক্ষিণ-পূবে আৰু বংগৰ সাগৰ দ্বীপৰ পৰা প্ৰায় ৬৩০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবে আছিল । বতৰ বিজ্ঞান বিভাগে কয়, ‘২৪ অক্টোবৰৰ পুৱালৈকে উত্তৰ-পশ্চিম দিশলৈ গতি কৰি উত্তৰ-পশ্চিম বংগ উপসাগৰৰ ওপৰত তীব্ৰ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে । ২৪ অক্টোবৰৰ নিশাৰ পৰা ২৫ অক্টোবৰৰ পুৱালৈকে ই উত্তৰ ওড়িশা আৰু পশ্চিম বংগৰ উপকূল পাৰ হৈ পুৰী আৰু সাগৰ দ্বীপৰ মাজত পাৰ হ’ব, য’ত বতাহৰ গতিবেগ ঘণ্টাত ১২০ কিলোমিটাৰ হ’ব পাৰে । এই ধুমুহাই বিধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে ।
১০ লাখ লোকক নিৰাপদ স্থানলৈ প্ৰেৰণৰ প্ৰস্তুতি-
ঘূৰ্ণীবতাহ ডানাৰ সম্ভাৱ্য ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে ১৫০ জন এন ডি আৰ এফ জোৱানক ওড়িশালৈ প্ৰেৰণ কৰিছে । বুধবাৰে পুৱা ভুৱনেশ্বৰত উপস্থিত হোৱা পঞ্জাৱৰ বাথিন্দাৰ পৰা পঠিওৱা হয় এই জোৱানসকলক । ধুমুহাৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে ১০ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ওড়িশা চৰকাৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ধুমুহাৰ বাবে ১৯৮খন ৰে’ল বাতিল কৰা হৈছে । ওড়িশা চৰকাৰে সকলো কৰ্মচাৰীৰ ছুটী বাতিল কৰাৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে ।
ক’ষ্ট গাৰ্ডো হাই এলাৰ্টত-
মঙলবাৰে ক’ষ্ট গাৰ্ডে কয় যে ধুমুহাৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে হাই এলাৰ্টত আছে আৰু সম্ভাৱ্য স্পৰ্শকাতৰ অঞ্চলত নিজৰ জাহাজ আৰু বিমান নিয়োগ কৰিছে । বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহপাত্ৰই কয় যে পুৰিৰ পৰা পশ্চিম বংগলৈকে পূব উপকূলীয় সকলো অঞ্চল এই ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে । ওড়িশাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে কয় যে ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । তেওঁ কয় যে সকলো সা-সুবিধাৰে ২৫০টা সাহায্য শিবিৰ প্ৰস্তুত কৰা হৈছে ।