যুগ যুগ ধৰি ভাৰতীয় পাকঘৰৰ অবিচ্ছেদ্য অংগ হৈ আহিছে ঘিউ । আয়ুৰ্বেদতো ইয়াক অতি উপকাৰী বুলি গণ্য কৰা হয় । ভিটামিন এ, ডি, ই আৰু কে আদি পুষ্টিকৰ উপাদান ঘিউত প্ৰচুৰ পৰিমাণে পোৱা যায় । ই সঠিক হজম শক্তি বজাই ৰখাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । কিন্তু আপুনি জানেনে যে ঘিউ খোৱাটোৱে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱো পেলাব পাৰে ? হয় সঁচা । ঘিউ সেৱন কিছু লোকৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ।
যদিও ঘিউৰ বহুতো লাভালাভ আছে, ইয়াক অত্যাধিক সেৱন কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । ঘিউত অধিক সংপৃক্ত চৰ্বি (চেচুৰেটেড ফেট) থাকে যি কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ।

মেদবহুলতা আৰু ওজন বৃদ্ধিৰ সমস্যা-
ঘিউত অধিক পৰিমাণৰ চৰ্বি থাকে, যাৰ বাবে অত্যধিক সেৱনে দ্ৰুতভাৱে ওজন বৃদ্ধি কৰিব পাৰে । যদি আপুনি মেদবহুলতাৰ সৈতে যুঁজি আছে বা ওজন কমাবলৈ চেষ্টা কৰিছে তেন্তে ঘিউৰ পৰা আঁতৰি থকাটোৱেই ভাল । অত্যধিক পৰিমাণৰ ঘিউ সেৱন কৰিলে আপোনাৰ কেলৰি খোৱাৰ পৰিমাণ বৃদ্ধি পাব পাৰে, যাৰ ফলত ওজন নিয়ন্ত্ৰণ কৰাত অসুবিধা হ’ব পাৰে ।
হৃদৰোগী-
ঘিউত অধিক পৰিমাণৰ চেচুৰেটেড ফেট থাকে, যাৰ ফলত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে । হৃদৰোগ বা উচ্চ কলেষ্টেৰল থকা লোকে ঘিউ সেৱন কমাব লাগে বা পৰিহাৰ কৰিব লাগে কাৰণ ইয়াৰ ফলত তেওঁলোকৰ অৱস্থাৰ অৱনতি হ’ব পাৰে । এনে লোকৰ বাবে ঘিউৰ সীমিত সেৱনহে নিৰাপদ হ’ব পাৰে ।
যকৃতৰ লগত জড়িত সমস্যা-
যকৃতৰ সমস্যাত ভুগি থকা লোকসকলেও ঘিউ খোৱাৰ পৰা বিৰত থাকিব লাগে । ঘিউত অধিক পৰিমাণৰ চৰ্বি থাকে, যাৰ বাবে যকৃতে ইয়াক হজম কৰিবলৈ অতিৰিক্ত কষ্ট কৰিবলগীয়া হয় । ইয়াৰ ফলত যকৃতৰ কাম-কাজত নেতিবাচক প্ৰভাৱ পৰিব পাৰে ।
পেটৰ লগত জড়িত সমস্যা-
অত্যধিক ঘিউ সেৱনে বদহজম, এচিডিটি বা পেটৰ অন্যান্য সমস্যা বৃদ্ধি কৰিব পাৰে । যিসকল লোকৰ প্ৰায়ে পেটৰ সমস্যা থাকে তেওঁলোকে ঘিউৰ পৰিমাণ সীমিত বা একেবাৰেই সেৱন কৰিব নালাগে ।
(এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । যদি আপুনি আপোনাৰ স্বাস্থ্যৰ সৈতে জড়িত যিকোনো কিবা পঢ়ে, তেন্তে গ্ৰহণ কৰাৰ পূৰ্বে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক ।)