প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত সংবিধান সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ সময়ত কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছ এটা শব্দৰ প্ৰতি অতিকৈ আকৰ্ষিত, যাৰ অবিহনে তেওঁলোকে জীয়াই থাকিব নোৱাৰে, সেয়া হ’ল ‘জুমলা’ । কিন্তু এই দেশে জানে যে যদি ভাৰতত কোনো ডাঙৰ জুমলা আছিল আৰু সেয়া ৪-৪ প্ৰজন্মই ব্যৱহাৰ কৰিছিল, সেই জুমলা আছিল ‘গৰিবী হটাও’ । এই জুমলাই তেওঁলোকৰ ৰাজনীতিত সহায় কৰিছিল যদিও দুখীয়াৰ অৱস্থাৰ উন্নত কৰা নাছিল ।
তেওঁ কয় যে, স্বাধীনতাৰ ইমান বছৰৰ পাছত মৰ্যাদাৰে জীয়াই থকা পৰিয়াল এটাৰ শৌচাগাৰো থাকিব নালাগেনে ? ইমান সময়ো নাছিল নেকি ? আমি এই কাম কৰাৰ দায়িত্ব লৈছিলো আৰু আমি এই কামৰ বাবে আমাৰ সমস্ত হৃদয় উচৰ্গা কৰিছিলো । মই জানো ইয়াক ঠাট্টা কৰা হৈছিল, কিন্তু আমি বিচলিত নহৈ আগবাঢ়িলোঁ । এতিয়াও দৰিদ্ৰতাত থকা সকলক আমি দৰিদ্ৰতাৰ পৰা উলিয়াই আনিব লাগিব ।
কংগ্ৰেছে দিলে ‘গৰিবী হটাও’ৰ জুমলাঃ প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত কয় যে ‘গৰিবী হটাও’ৰ নামত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল, কিন্তু ২০১৪ চনলৈকে দুখীয়া লোক কেতিয়াও বেংকলৈ যোৱা নাছিল । এতিয়া দেশৰ ৫০ কোটি লোকৰ বেংক একাউণ্ট আছে । চৰকাৰে নিশ্চিত কৰিছিল যে দৰিদ্ৰ লোকে কোনো নিশ্চয়তা নোহোৱাকৈ ঋণ পাব পাৰে । যাৰ বিষয়ে কোনেও নোসোধে তেওঁক মোদীয়ে পূজা কৰে ।
ইফালে সংবিধানৰ সৈতে খেলা কৰা আৰু সংবিধানৰ আত্মাক ধ্বংস কৰাটো কংগ্ৰেছৰ শিৰা শিৰাই থকা বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয়, আমিও দৰদাম কৰিব পাৰিলোহেঁতেন, কিন্তু সংবিধানৰ পথ বাছি লৈছিলো । অটল জীয়ে চুক্তি কৰা নাছিল । ১৩ দিনৰ মূৰত পদত্যাগ কৰিছিল তেওঁ । অটল জীয়ে কেতিয়াও দৰদামৰ পথ গ্ৰহণ কৰা নাছিল । তেওঁ সংবিধান আৰু গণতান্ত্ৰিক নীতি-নিয়মৰ প্ৰতি উৎসৰ্গিত হোৱাৰ বাবেই পদত্যাগ কৰিছিল ।”