মহানগৰীৰ বিভিন্ন হোটেল,ৰেষ্টুৰেণ্ট বা ফাষ্ট ফুডৰ দোকান সমূহ পৌৰ নিগমে চলাইছে অভিযান । সুস্বাদু খাদ্যৰ নামত একাংশ হোটেল, ৰেষ্টুৰেণ্টে গ্ৰাহকৰ কেনে খাদ্য খোৱাইছে সেয়া পৌৰ নিগমৰ অভিযান কালত দেখিবলৈ পোৱা গৈছে। কেৰিবেৰি , বাৰ্বীৰ পিছত এইবাৰ পৌৰ নিগমে ছীল কৰিলে জু ৰোড স্থিত গ্ৰীল্ড পাণ্ডা নামৰ ৰেষ্টুৰেণ্টখন। শনিবাৰে নিশা অভিযানৰ সময়ত এনে তথ্যও পোহৰলৈ আহিছে সংশ্লিষ্ট বিভাগৰ অনুমতি অবিহনেই অথবা প্ৰয়োজনীয় নথি-পত্ৰ অবিহনেই চলি আছিল গ্ৰীল্ড পাণ্ডা। কেৱল সেয়াই নহয় এই ৰেষ্টুৰেণ্টখনৰ খাদ্য প্ৰস্তুত কৰা হয় অস্বাস্থ্যকৰ পৰিবেশত। ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালো স্বাস্থ্যসন্মত নহয়। কেৱল মাত্ৰ সাধাৰণ অনুজ্ঞাপত্ৰৰে স্বত্বাধিকাৰীয়ে এই ৰেষ্টুৰেণ্ট ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে। অৱশ্যে পৌৰ নিগমে ৰেষ্টুৰেণ্টখন ছীল কৰাত খৰ্গহস্ত হৈ পৰিছে স্বত্বাধিকাৰগৰাকী। তেওঁ ৰেষ্টুৰেণ্টখনত চলা পৌৰ নিগমৰ এই অভিযানক ষড়যন্ত্র আখ্যা দিছে।
