অতিজৰে পৰাই ছালৰ বাবে মুলতানি মাটি ব্যৱহাৰ কৰি অহা হৈছে। মুলতানি মাটিত পোৱা সকলো উপাদানেই আপোনাৰ ছালৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে।
গৰমৰ দিনত ছালৰ যত্নৰ ৰুটিনত মুলতানি মাটিৰে তৈয়াৰী ফেচ পেক অন্তৰ্ভুক্ত কৰিবলৈ নিশ্চয় চেষ্টা কৰিব লাগে। এই ৰাসায়নিক মুক্ত ফেচ পেক বনোৱাৰ অতি সহজ পদ্ধতিৰ বিষয়ে জানো আহক।
কেনেদৰে বনাব ফেচ পেক- মুলতানি মাটিৰ ফেচ পেক বনাবলৈ এচামুচ মুলতানি মাটি, এচামুচ কমলা বাকলিৰ গুড়ি আৰু অকমান গাখীৰৰ প্ৰয়োজন হ’ব।
প্ৰথমে এই তিনিটাও প্ৰাকৃতিক বস্তু এটা বাটিত উলিয়াই লওক।এতিয়া এই সকলোবোৰ ভালকৈ মিহলাই মসৃণ পেষ্ট এটা প্ৰস্তুত কৰিব লাগিব।আপোনাৰ কেমিকেল ফ্ৰী ফেচ পেক ব্যৱহাৰৰ বাবে সাজু হৈছে।
ব্যৱহাৰৰ সঠিক উপায়- এই পেষ্টটো আপোনাৰ গোটেই মুখমণ্ডল আৰু ডিঙিৰ অংশত ভালদৰে লগাব লাগিব। ভাল ফলাফল পাবলৈ এই পেষ্টটো মুখত প্ৰায় ২০ মিনিটমান ৰাখিব লাগে।
১৫ৰ পৰা ২০ মিনিটৰ পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুই দিব।মুখ ধোৱাৰ পিছত স্বয়ংক্ৰিয়ভাৱে ইতিবাচক প্ৰভাৱ দেখাবলৈ পাব।এই ফেচ পেকটো আপুনি সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰে।
আপোনাৰ ছালৰ হেৰুৱা উজ্জ্বলতা ঘূৰাই অনাত মুলতানি মাটি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। গ্ল’য়িং ছালৰ বাবে আপুনি মুলতানি মাটিৰ ফেচ পেক ব্যৱহাৰ কৰিব পাৰে।
(এই লেখাত পৰামৰ্শ দিয়া টিপছসমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্যৰ সৈতে জড়িত যিকোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে বা খাদ্য তালিকাত কোনো পৰিৱৰ্তন কৰাৰ আগতে অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।)