জয়পুৰ বিমানবন্দৰত সোণৰ চোৰাং ব্যৱসায়ৰ এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। আবু ধাবিৰ এজন মানুহে তেওঁৰ গোপনঅঙ্গত এক কিলোগ্ৰামতকৈও অধিক সোণ লুকুৱাই ৰাখিছিল।জানিব পৰা মতে ৰাজস্থানৰ বিয়াৱাৰ জিলাৰ চাৰ্গাওঁ গাঁৱৰ বাসিন্দা মহেন্দ্ৰ খানে বিমানেৰে আবু ধাবিৰ পৰা জয়পুৰত উপস্থিত হৈছিল । ইফালে শুল্ক বিষয়াসকলে তথ্য পাইছিল যে মহেন্দ্ৰ খানে অবৈধভাৱে লগত আনিছে সোণ। আনিআছিল। ইয়াৰ পিছত, বিষয়াসকলে তেওঁক আটক কৰে আৰু সোধা-পোছা কৰে। আৰু এক্স-ৰে স্কেন কৰাৰ পিছত, নিশ্চিত হয় যে মহেন্দ্ৰই মলদ্বাৰত সোমোৱাই আনিছিল সোণখিনি।ইয়াৰ পিছত, শুল্ক বিষয়াসকলে মহেন্দ্ৰক চিকিৎসালয়লৈ লৈ যায়।য’ত চিকিৎসকসকলে অস্ত্ৰোপচাৰ কৰি দেহৰ ভিতৰৰ পৰা সোণসমূহ উদ্ধাৰ কৰে।আৰক্ষীয়ে দিয়া তথ্য অনুসৰি সোণখিনিৰ ওজন এক কিলোগ্ৰামতকৈও অধিক আছিল, যাৰ আনুমানিক মূল্য প্ৰায় ৯০ লাখ টকা বুলি কোৱা হৈছে। আৰক্ষীয়ে কৰা প্ৰশ্নত মহেন্দ্ৰই স্থানীয় পেৰামেডিকেল কৰ্মচাৰীৰ সহায়ত সোণখিনি তেওঁৰ গোপন অংগত লুকুৱাই ৰাখিছিল বুলি জানিবলৈ দিয়ে।
